Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

বিলকিছ বানোক সান্ত্বনা দিও কোন সতে !

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
August 22, 2022
in Opinion
Reading Time: 1 min read
0
বিলকিছ বানোক সান্ত্বনা দিও কোন সতে !
2
SHARES
24
VIEWS
ShareShareShareShare

স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে অভূতপূৰ্ব জাকজমকতা আৰু আবেগেৰে ‘অমৃত মহোৎসৱ’ উদ্‌যাপনৰ সময়ত এনে এক নিষ্ঠুৰ খবৰ হয়তো কোনো সংবেদনশীল ভাৰতীয়‌ই আশা কৰা নাছিল । কিন্তু তেনে এটি অভাৱনীয় ঘটনাই সংঘটিত হ’ল, যিয়ে আমাৰ বহুতকে বিবেক দংশনত ভুগিবলৈ বাধ্য কৰিছে । ২০০২ৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত পৰিয়ালৰ সাতজনকৈ সদস্যক হেৰুওৱাৰ উপৰি দলবদ্ধ ধৰ্ষণৰ বলি হোৱা তেতিয়াৰ ১৯ বছৰীয়া যুৱতী বিলকিছ বানোৰ ঘটনাটো আজি পুনৰ সজীৱ হৈ উঠিছে । কিয়নো এই জঘন্য অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ দণ্ডিত হোৱা ১১জন অপৰাধীক যোৱা ১৫ আগষ্টত গোধ্ৰা উপ-কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে । অকল সেয়ে নহয়, সেই অপৰাধী কেইজনক জেলৰ পৰা ফুলৰ মালা পিন্ধাই, মিঠাই খুৱাই যুদ্ধজয়ী বীৰৰ লেখীয়াকৈ আদৰি অনা হৈছে ।

ADVERTISEMENT

স্বাভাৱিকতে এই ঘটনাই দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যিদিনা দিল্লীৰ ঐতিহাসিক লাল কিল্লাত ত্ৰিৰংগ পতাকা উৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত নাৰীৰ সবলীকৰণ আৰু সুৰক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি ভাষণ দিছে, সেই একেদিনাই তেওঁৰ গৃহৰাজ্যত উল্লেখিত ১১ জন নৃশংস অপৰাধীক বীৰোচিত আদৰণি জনোৱা হৈছে । গুজৰাট চৰকাৰৰ এই পদক্ষেপে যে দেশত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব তাত সন্দেহ নাই । আশংকা কেৱল ই আৰু কিমান নিকৃষ্ট পৰ্যায়লৈ গতি কৰিব পাৰে তাক লৈহে ।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

ঘটনাটোৰ বিষয়ে সম্যক পৰিচিত হ’বলৈ হ’লে ২০০২ৰ ফেব্ৰুৱাৰীলৈ উভতি যাব লাগিব । ২৭ ফেব্ৰুৱাৰীত গোধ্ৰাত সাবৰমতী এক্সপ্ৰেছ যাত্ৰীবাহী ৰেলগাড়ীখন দুবৃৰ্ত্তই জ্বলাই দিছিল । এই ঘটনাত অধ-ৰ্শতাধিক কৰ সেৱকে প্ৰাণ হেৰুৱায় । অযোধ্যাত ৰাম জন্মভূমিত সেৱা আগবঢ়াবলৈ যোৱা কৰ সেৱকভৰ্তি ৰেলৰ ডবাৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ কৰি দি পেট্ৰ’ল ঢালি জ্বলাই দিয়া হৈছিল । এই ঘটনাৰ পাছতে গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষই গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু ই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । উক্ত সাম্প্ৰদায়িক সংঘৰ্ষত ১,০৪৪ জন লোকে প্ৰাণ হেৰুৱায় । ২০০৫ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি গোধ্ৰাকাণ্ডৰ পৰৱৰ্তী হিংসাত গুজৰাটত ২৫৪ জন হিন্দু আৰু ৭৯০ জন মুছলমান হত্যাৰ বলি হয় । সেই সময়তে হিংসাৰ বলি হোৱাৰ আশংকাত পৰিয়ালৰ সদস্যসকলৰ স’তে বিলকিছে নিজৰ ৰণাধিকাপুৰ গাঁৱৰ পৰা পলায়ন কৰিবলৈ যো-জা চলায় ।

তেতিয়া তেওঁৰ পাঁচমাহৰ গৰ্ভৱতী বিলকিছৰ লগত চাৰে তিনি বছৰীয়া কন্যা সন্তানো আছিল । তেতিয়াই তিনি মাৰ্চত কাচি, তৰোৱাল, লাঠি আদিৰে সজ্জিত প্ৰায় ৩০ জনীয়া দুবৃৰ্ত্তৰ দল এটাই তেওঁলোকক আক্ৰমণ কৰে আক্ৰমণকাৰীৰ দলত পাছত দণ্ডিত হোৱা ১১ জন লোকো আছিল । বিলকিছ, তেওঁৰ মাতৃ আৰু আন তিনিগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি নৃশংস অত্যাচাৰ চলোৱা হৈছিল । এই আক্ৰমণত পৰিয়ালৰ সদস্যসকলৰ ভিতৰত কেৱল বিলকিছ, এজন পুৰুষ আৰু এটি শিশুৰহে প্ৰাণ ৰক্ষা পৰে ঘটনা সংঘটিত হোৱাৰ তিনি ঘণ্টা পাছত বিলকিছে চেতনা ঘূৰাই পায় আৰু এগৰাকী আদিবাসী মহিলাৰ পৰা বস্ত্ৰ ধাৰলৈ লৈ এজন গৃহৰক্ষী জোৱানৰ সহায়ত লিমখেড়া আৰক্ষী থানালৈ গৈ গোচৰ ৰুজু কৰে পাছত চৰকাৰী চিকিৎসালয়ত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । পৰৱৰ্তী পৰ্যায়ত বিলকিছৰ গোচৰটো ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ আৰু উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰে ।

এই গোচৰত অভিযুক্ত ১১ জনক ২০০৪ত অৰ্থাৎ হত্যা-ধৰ্ষণৰ ঘটনাৰ দুবৰ পাছত গ্ৰেপ্তাৰ কৰা হয় । লগতে আহমদাবাদত এই গোচৰৰ শুনানিও আৰম্ভ হয়; কিন্তু সাক্ষীসকলক ক্ষতি কৰাৰ লগতে চিবিআইয়ে সংগ্ৰহ কৰা প্ৰমাণ নষ্ট কৰা হ’ব পাৰে বুলি ভুক্তভোগী বিলকিছে আশংকা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে গোচৰটো মুম্বাইলৈ স্থানান্তৰ কৰে ।

২০০৮ত বিশেষ চিবিআই আদালতে ভাৰতীয় দণ্ড বিধিৰ অধীনত গৰ্ভৱতী মহিলাক ধৰ্ষণ, হত্যা, অবৈধ সমাবেশ আদি অপৰাধত দোষী সাব্যস্ত কৰি ১১ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । লগতে উপযুক্ত প্ৰমাণৰ অভাৱত আন সাতজন অভিযুক্তক দোষমুক্ত কৰে । আন এজন অভিযুক্তৰ বিচাৰ চলাকালীন মৃত্যু ঘটে । আদালতে ৰায়দানত স্পষ্ট কৰি দিয়ে যে যশৱন্ত ভাই নাই, গোৱিন্দ ভাই নাই আৰু নৰেশ কুমাৰ মৰ্ধিয়া (মৃত)ই বিলকিছক ধৰ্ষণ কৰিছিল আৰু শৈলেন ভাটে তেওঁৰ চাৰে তিনি বছৰীয়া কন্যাক মাকৰ কোলাৰ পৰা কাঢ়ি আনি মাটিত মূৰ থেকেচি হত্যা কৰিছিল । এই হত্যা-ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা আনসকল হ’ল ক্ৰমে ৰাধেশ্যাম শ্বাহ, বিপিন চন্দ্ৰ যোশী, কেশৰভাই ভোহানিয়া, প্ৰদীপ ভোহানিয়া, বাকাভাই ভোহানিয়া, ৰাজুভাই ছোনি, নিতেশ ভাট, ৰমেশ চন্দনা আৰু হেড কনিষ্টবল সোমাভাই গোৰী । ২০১৭ত মুম্বাই উচ্চ ন্যায়ালয়ত এই ১১ জন অপৰাধীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখে ।

তদুপৰি ২০১৯ত উচ্চতম ন্যায়ালয়ে বিলকিছক ৫০ লাখ টকাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰে এজন অপৰাধী ৰাধেশ্যাম শ্বাহে ফৌজদাৰী বিধিৰ ৪৩২ আৰু ৪৩৩ ধাৰাৰ অধীনত ক্ষমা তথা শাস্তিৰ লাঘৱ বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়; কিন্তু উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি লাঘৱৰ সিদ্ধান্ত গ্ৰহণৰ বাবে গুজৰাট নহয়, মহাৰাষ্ট্ৰহে সঠিক চৰকাৰ হ’ব বুলি পৰ্যবেক্ষণ দি সেই আবেদন খাৰিজ কৰে । ইয়াৰ পাছত শ্বাহ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । ২০২২ত পহিলা এপ্ৰিল পৰ্যন্ত তেওঁ ১৫ বছৰ চাৰি মাহ কাৰাবাসত আছে বুলি উল্লেখ কৰি শাস্তি লাঘৱৰ আবেদন দাখিল কৰে । সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো পৰীক্ষা কৰিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ দিয়ে । সেই মৰ্মে চৰকাৰে এখন সমিতি গঠন কৰি দিয়ে । এই সমিতিৰ পৰামৰ্শ অনুসৰি জঘন্য অপৰাধীকেইজনক মুক্তি প্ৰদান কৰা হয় ।

লক্ষ্যণীয়ভাৱে ১০ জনীয়া উক্ত সমিতিৰ পাঁচজন সদস্যই বিজেপিৰ বিষয়ব্বীয়া অথবা ৰাজ্যখনৰ শাসক দলৰ স’তে সম্পৰ্কিত ব্যক্তি । এই পৰামৰ্শদাতা সমিতিৰ দুজন সদস্য বিজেপিৰ বিধায়ক, এজন দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য । চৰকাৰীভাৱে ‘সমাজকৰ্মী’ বুলি উল্লেখ কৰা সমিতিৰ কমেও তিনিগৰাকী সদস্য বিজেপিৰ গুৰুত্বপূৰ্ণ সদস্য বুলি দলৰ ৱেবছাইটতে লিপিবদ্ধ হৈ আছে । শাাসক দলৰ সদস্যসকলৰ উপৰি উক্ত সমিতিত কাৰাগাৰৰ অধীক্ষক, জিলা ন্যায়াধীশ আৰু এজন জিলা সমাজ কল্যাণ বিষয়াও আছে । এই সমিতিখনক নেতৃত্ব প্ৰদান কৰা পঞ্চমহলৰ জিলা দণ্ডাধীশে কয় যে কেৱল উল্লেখিত আবেদনখন বিবেচনাৰ বাবে ইয়াক গঠন কৰা হোৱা নাছিল । ই বিভিন্ন অপৰাধীৰ শাস্তি লাঘৱৰ আবেদন বিবেচনাৰ বাবে গঠিত কাৰাগাৰ উপদেষ্টা সমিতিহে ।

বিলকিছৰ ১১ জন অপৰাধীয়ে বন্দীৰূপে কটোৱা সময় আৰু কাৰাগাৰৰ বাহিৰে-ভিতৰে তেওঁলোকৰ আচৰণ বিবেচনা কৰিহে শাস্তি লাঘৱৰ পৰামৰ্শ দিয়া হৈছিল বুলি দণ্ডাধীশগৰাকীয়ে সদৰী কৰিলেও সেই সিদ্ধান্ত সৰ্বসন্মত আছিল নে নাই, সেই কথা প্ৰকাশ কৰিবলৈ তেওঁ অস্বীকাৰ কৰে । একেদৰে অপৰাধীকেইজনৰ মুক্তিৰ পৰামৰ্শ দিয়াৰ পূৰ্বে তেওঁলোকৰ অপৰাধৰ গভীৰতা বিশ্লেষণ কৰা হৈছিল নে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো জিলা দণ্ডাধীশগৰাকী নীৰৱ হৈ ৰয় । ধৰ্ষণৰ দৰে জঘন্য অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰাসকলৰ শাস্তি লাঘৱৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু গুজৰাট চৰকাৰৰ নিৰ্দেশনাত বাধা আৰোপ কৰা আছে যদিও বিলকিছৰ অপৰাধীসকলৰ ক্ষেত্ৰত সেইবোৰ আওকান কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে ।

চৰকাৰৰ সিদ্ধান্তৰ সম্পৰ্কত গুজৰাটৰ গৃহবিভাগৰ অতিৰিক্ত মুখ্যসচিব ৰাজ কুমাৰে কয় যে অপৰাধী কেইজনে ইতিমধ্যে ১৪ বছৰ কাৰাবাস খটাৰ লগতে তেওঁলোকৰ বয়স, অপৰাধৰ চৰিত্ৰ আৰু কাৰাগাৰত আচৰণ আদি লক্ষ্য কৰি শাস্তি লাঘৱৰ আবেদন বিবেচনা কৰা হৈছে । গতিকে গুজৰাট চৰকাৰে এই অপৰাধীসকলৰ শাস্তি লাঘৱ কৰি মুক্তি প্ৰদান কৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

চৰকাৰে ৰাজনৈতিক আৰু ধৰ্মীয় দৃষ্টিকোণেৰে প্ৰভাৱিত হৈ এনে পদক্ষেপ গ্ৰহণ কৰা বুলি বিভিন্নজনে আক্ষেপ প্ৰকাশ কৰিছে । শাস্তি লাঘৱৰ পৰামৰ্শদাতা সমিতিখনৰ অন্যতম সদস্য গোধ্ৰাৰ বিজেপি বিধায়ক চি কে ৰাউলজীৰ এক ভাষাই সচেতন সকলোকে হতভম্ব কৰি তুলিছে । বিধায়কজনে কৈছে যে দণ্ডাজ্ঞাপ্ৰাপ্ত অপৰাধীকেইজন ব্ৰাহ্মণ আৰু ব্ৰাহ্মণসকল ভাল সংস্কাৰৰ অধিকাৰী বুলি সকলোৱে জানে । তেওঁলোকক এনেদৰে শাস্তি প্ৰদানৰ আঁৰত কাৰোবাৰ অসৎ উদ্দেশ্য থাকিব পাৰে । বিধায়কজনৰ এই ভাষ্য বিজেপি আৰু তেওঁলোকৰ চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে বুলি দেশজুৰি সমালোচনাৰ জোৱাৰ উঠিছে । এই সমগ্ৰ বিষয়টোক লৈ বিজেপি নেতৃত্বৰ নীৰৱতা লক্ষ্যণীয় ।

ইয়াৰ বিপৰীতে ২০০৮ত বিলকিছ বানোৰ গোচৰত অপৰাধীসকলক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইউ ডি ছালভিয়ে গুজৰাট চৰকাৰৰ এই সিদ্ধান্তই এক বিষম দৃষ্টান্ত স্থাপন কৰিলে বুলি আক্ষেপ কৰিছে । ইয়াক ভুল সিদ্ধান্ত আখ্যা দি তেওঁ কয় যে এতিয়া অন্যান্য ধৰ্ষণৰ গোচৰত দণ্ডাজ্ঞাপ্ৰাপ্ত অপৰাধীসকলেও ইয়াৰ উদাহৰণ দাঙি ধৰি শাস্তিৰ লাঘৱ বিচাৰিব ।

গুজৰাট চৰকাৰৰ এই সিদ্ধান্ত সমগ্ৰ নাৰী জাতিৰ বাবেই দুৰ্ভাগ্যজনক । অপৰাধীকেইজনক মুক্তি প্ৰদানৰ ঘটনাই বাকৰুদ্ধ কৰি পেলাইছে ২০ বছৰ ধৰি তিল তিলকৈ জীয়াই থকা বিলকিছক । এগৰাকী পীড়িতাই আৰু কিমান যুঁজ দিবলৈ সাহস আৰু সামৰ্থ্য ৰাখিব পাৰে তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে । তেওঁক সান্ত্বনা দিয়াৰ ভাষাও বিচাৰি পোৱা কঠিন হৈ পৰিছে । সবাতোকৈ বিপজ্জনক কথা হৈছে– অপৰাধ আৰু অপৰাধীক ধৰ্মীয় অথবা ৰাজনৈতিক দৃষ্টিকোণেৰে চাব বিচৰা হৈছে । দেশৰ অন্যান্য ৰাজ্যলৈ এনে প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণ হ’বলৈ হ’লে কিমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে তাক অনুমান কৰাও কঠিন । বিভিন্ন দলৰ চৰকাৰে একে ধৰণৰ বিবেচনাৰে ন্যস্তস্বাৰ্থ পূৰণ কৰিবলৈ সুযোগ পাব আৰু আইন-আদালতৰ প্ৰতি নাগৰিকৰ আস্থা হ্ৰাস পাব । প্ৰসিদ্ধ কবি-গীতিকাৰ জাভেদ আখতাৰে এই প্ৰসংগত গভীৰ উদ্বেগেৰে কোৱা কথা এষাৰ উনুকিয়াব বিচাৰিছো– আমাৰ সমাজখনত সঁচাকৈয়ে কিবা এটা গুৰুতৰ অঘটন ঘটিছে !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bilkis Banopranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d