DGP: মদ খাই বেয়া আচৰণ কৰা আৰক্ষীক বিদায় দিয়া হ’ব !

WhatsApp Image 2022 11 03 at 18.11.41

DGP :

আৰক্ষীত কৰ্মৰত হৈ থাকি সুৰাপানৰ প্ৰতি আসক্তি আছে ৷তেন্তে এইয়া এতিয়াও পৰিত্যাগ কৰক ৷ নহ’লে আৰক্ষীৰ পৰা বিদায় দিয়া হ’ব ৷ এই সাৱধান বাণী শুনাইছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷

মদ খাই বেয়া আচৰণ কৰা আৰক্ষীকো বিদায় দিয়াৰ সমান্তৰালভাৱে কাম ভালকৈ নকৰা আৰক্ষীকো দায়িত্বৰ পৰা আঁতৰোৱা হ’ব।
আৰক্ষী সন্দৰ্ভত বিভিন্ন সমস্যা সমাধান সম্পৰ্কীয় এক এছ অপি শীৰ্ঘে প্ৰকাশ পোৱাৰ কথা সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷

আনহাতে’ আৰক্ষী ৰাইজৰ বাবে’ এই আপ্তবাক্য শাৰী আখৰে আখৰে পালন কৰিব লাগিব প্ৰতিজন আৰক্ষীয়ে বুলি মন্তব্য কৰে ডিজিপিজনে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গৰে এক বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এই বৈঠকতে আৰক্ষী সম্পৰ্কীয় কেতবোৰ গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

\বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত ডিজি পি মহন্তই কয়, মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ সকলো সমস্যা সমাধানৰ বাবে নিৰ্দেশ দিয়াৰ লগতে ২-৩ বছৰ পুৰণি গোচৰ বোৰ শীৰ্ঘে উঠাই লোৱাৰ বাবে নতুন এছ অ পিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

এই ব্যৱস্থাই থানাৰ বহু বোজা কমিব বুলি আশা কৰে মহন্তই ৷ এনে প্ৰেক্ষাপটত অসম আৰক্ষী সঞ্চালকালয়ে নতুন এছ অ পি প্ৰকাশৰ বাবে তৎপৰ হৈ পৰে ৷

 

Exit mobile version