Bhula kataki :নটসূৰ্য ফণী শৰ্মা বঁটা পাপক প্ৰবীন চলচ্চিত্ৰ অভিনেতা ভোলা কটকীৰ মৃত্যু

অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে যিয়ে ত্যাগ কৰিছিল চৰকাৰী চাকৰি

WhatsApp Image 2022 11 04 at 20.00.19 1

Bhula kataki :

প্ৰবীন চলচ্চিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকীৰ দেহাৱসান । বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভোগি থকা কটকীয়ে আজি বিয়লি দুই বাজি ৩০ মিনিটত চিকিংসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ । ১৯৩৫ত জামুগুৰিহাটৰ সংগীয়া মাজৰচুক গাঁৱত জন্ম লাভ কৰা কটকীয়ে ছাত্ৰ অৱস্থাতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হয় আৰু পাছত তেজপুৰ দৰং কলেজত পঢ়িবলৈ গৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰি নিজকে অভিনয় জগতত উজ্জীৱিত কৰি তুলিবলৈ সুবিধা লাভ কৰে ।

কলেজীয়া শিক্ষা সমাপ্ত কৰি ৰঙাচকুৱাত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলা কটকীয়ে অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবেই শিক্ষকতাৰ চাকৰি ত্যাগ কৰি অৱশেষত ১৯৬৩ত অচ্যুত লহকৰৰ ‘নটৰাজ থিয়েটাৰ’ত যোগদান কৰে ।

৩৫ বছৰ কাল দুৰ্দান্ত অভিনয়ৰে অসমৰ ভ্ৰাম্যমাণ জগতত খলকনিৰ সৃষ্টি কৰা ভোলা কটকীয়ে ১৯৮০ত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অৰ্ণিবান’ চলচ্চিত্ৰত ‘ৰজনি মাষ্টৰ’ৰ চৰিত্ৰত কৰা অভিনয়ে দৰ্শকৰ মাজত সাজ বহুৱাবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰি সাদৰি, জলাঞ্জলি, ৰাজা, উৰ্বশী, দেউতা আৰু সূৰ্য্য, বৃকোদৰ বৰুৱাৰ বিয়াকে ধৰি একাধিক সৰু পৰ্দাৰ ধাৰাবাহিকতো অভিনয় কৰিছিল কটকীয়ে । এগৰাকী নাট্যকাৰ -পৰিচালক হিচাপে ৬০ৰ দশকতে ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা তেওঁৰ অংকীয়া নাটসমূহ ক্ৰমে স্বদেশী গোলা, বিভ্ৰাট, দ্বিতীয়-চাহজাহান, দূ-স্বপ্ন, সংঘাট, মাষ্টৰবাবু, প্ৰতিৱাদ, প্ৰতিক্ৰিয়া, এনাজৰী, সম্প্ৰিতী, চেনেহৰ সোতা, শ্ৰদ্ধাঞ্জলী, অমৰাৱতী, ৰাভাৰ আভা, দস্যুৰাণী পুতুলী বাঈ, কাৰাগাৰ, সংঘাট,অপৰাধ আদি ৷

উল্লেখ্য যে মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, দুই পুত্ৰ, একমাত্ৰ জীয়াৰী নাতি, নাতিনীসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

Exit mobile version