Hair: যেনিয়ে চাই তেনিয়ে চুলি ! কিয় সৰিছে চুলি ? জানিবলৈ পঢ়ক 

WhatsApp Image 2022 11 04 at 13.20.26 1

Hair :
বিশেষকৈ শীতকাল অহা মানেই বহুতৰে সাংঘাটিক ধৰণে চুলি সৰে । চুলি সৰাক লৈ দুশ্চিন্তাত ভুগে বহু মহিলা । অৰ্থাৎ শীতকালৰ অন্য এক সমস্যা হৈছে চুলি সৰা ।

স্বাভাৱিকতে মানুহৰ প্ৰতিদিনে ৫০ ৰ পৰা ১০০ ডাল চুলি সৰে । কিন্তু বহুতৰে আকৌ শীতকালতেই বেছিকৈ চুলি সৰা দেখা যায় । এই ঋতুত তাপমাত্ৰা আৰু আৰ্দ্ৰাতাৰ পৰিমাণ কমি যাই কাৰণে চুলিৰ বাবে প্ৰয়োজনীয় ময়শ্চাৰ নষ্ট হয় , যাৰবাবে চুলি ক্ৰমাৎ শুকান আৰু ৰোক্ষ হৈ পৰে আৰু চুলি সৰিবলৈ আৰম্ভ কৰে ।

ইয়াৰ লগতে ঠাণ্ডাৰ পৰা ৰক্ষা পৰিবলৈ বহুতে গৰম পানীৰে মূৰ ধোৱাৰ ফলতো চুলি দুৰ্বল হৈ সৰি পৰা পৰিলক্ষিত হয় ।
আনহাতে বিভিন্ন বিজ্ঞাপনৰ মোহত পৰি বহুতে না-না উৎপাদনৰ চেম্পু, চাবোন , হেয়াৰ ক্ৰিম আদি ব্যৱহাৰ কৰাৰ ফলতো চুলি ৰোক্ষ হৈ সৰিবলৈ আৰম্ভ কৰে ।

বিশেষজ্ঞৰ দাবী অনুসৰি দৈনিক খাদ্য  তালিকাত সুষম আহাৰ নাথাকিলে ছাল আৰু চুলি সৰাটো খাটাং । একেদৰে অতিমাত্ৰা নিচা কৰিলেও চুলি সৰে । পাৰিলে দৈনিক খাদ্যত আমলখি খোৱাৰ অভ্যাস কৰিব লাগে । আমলখি চুলিৰ কাৰণে খুবেই উপকাৰী ।

আমলখি কেঁচাকৈ খোৱাৰ লগতে সিদ্ধ কৰি ভাতৰ লগত খাব পাৰে লগতে আমলখিৰ ৰস উলিয়াই চুলিত ঘঁহিব পাৰিলে চুলি মসৃণ হোৱাৰ লগতে উজ্জ্বলতা বৃদ্ধি পায় । ইয়াৰ লগতে এল’ভেৰাৰ ৰসো চুলিত লগাব লাগে । এল’ভেৰাৰ ভিতৰত থকা জেলখিনি উলিয়াই মূৰত লগাই গোটেই নিশা ৰাখি পিছদিনা চেম্পুৰে মূৰটো ধুই পেলাব লাগে ।

সপ্তাহত অন্তত: দুবাৰকৈ এল’ভেৰাৰ জেল লগাব লাগে । ই চুলি মসৃণ কৰাৰ লগতে চুলি দীঘল হোৱাত সহায় কৰে ।
ইয়াৰোপৰি,শুকুৱাই থোৱা জৱা ফুলৰ লগত নাৰিকল তেল গৰম কৰি , ঠাণ্ডা হোৱাৰ পিছত মূৰত লগাই এদিন ৰাখি পিছত চেম্পু দি মূৰটো ধুই পেলাব লাগে ।

সপ্তাহত অন্তত: চাৰিদিন হ’লেও এই মিশ্ৰণ ব্যৱহাৰ কৰিলে চুলি সৰা ৰোধ হোৱাৰ লগতে চুলিৰ গঠন ভাল হয় ।

বি:দ্ৰ: ওপৰোক্ত লিখনীটো তথ্যৰ ওপৰত আধাৰিত যদিও চুলি সৰা কোনো ৰোগৰ লক্ষণো হ’ব পাৰে । তেনেক্ষেত্ৰত অধিক সৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version