Dhekiajuli :
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি নিজ সমষ্টি ঢেকিয়াজুলিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

চপাই বজাৰ লাইন আৰু চপাই ৰৌমাৰীত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন:
মন্ত্ৰীগৰাকীয়ে আজি সমষ্টিটোৰ চপাই বজাৰ লাইন আৰু চপাই ৰৌমাৰীত দুটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ কেন্দ্ৰ দুটি উদ্বোধন কৰি প্ৰদান কৰা ভাষণত তেওঁ কয় যে এখন সমৃদ্ধিশালী সমাজ গঢ়াৰ বাটত আমাৰ শিশুসকলৰ শাৰিৰীক তথা মানসিক উৎকৰ্ষ সাধনত অংগনৱাড়ী কেন্দ্ৰসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে ।
ভেলাগুৰিত নৱনিৰ্মিত পকী দলং মুকলি:
আনহাতে মন্ত্ৰী সিংহলে আজি ঢেকিয়াজুলি সমষ্টিৰ হুগ্ৰাজুলিৰ পৰা ভেলাগুৰি হৈ ৰাক্ষসমাৰী পথত নৱনিৰ্মিত ২/১ নং পকী দলঙখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। পথ যোগাযোগ ব্যৱস্থাৰ উন্নতিসাধনেই এখন সমাজৰ মূল বিকাশৰ মূল আধাৰ বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে বহুতো পদক্ষেপ হাতত লৈছে।
ভেলাগুৰিত নৱনিৰ্মিত এই দলঙখনে অঞ্চলটোৰ যোগাযোগ-পৰিবহনৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
চপাই হাটখোলা আৰু মিজিমাৰীত শৰীৰ চৰ্চা কেন্দ্ৰ উদ্বোধন:
মন্ত্ৰী সিংহলে আজি ঢেকিয়াজুলিৰ চপাই হাটখোলা লাইনত চতুৰ্দশ বিত্ত আয়োগৰ ২০১৯-২০ বৰ্ষৰ ১৮ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা এটি শৰীৰ চৰ্চা কেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগতে মিজিমাৰীত আন এটি শৰীৰ চৰ্চা কেন্দ্ৰও উদ্বোধন কৰে ।
ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ এম্বুলেন্স প্ৰদান:
আনহাতে ঢেকিয়াজুলিৰ বিধায়কগৰাকীয়ে আজি ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনুষ্ঠানিকভাৱে এখন এম্বুলেন্স প্ৰদান কৰে। এই এম্বুলেন্সৰ সেৱাই অঞ্চলটোৰ ৰোগীসকলক প্ৰয়োজনৰ সময়ত যথেষ্ট উপকৃত কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।