Earthquake: মাজৰাতি কঁপি উঠিল নেপাল , ঘৰ ভাঙি মৃত ছয়জনৰ

earthquake web

Earthquake :

নেপালত ভয়ংকৰ ভূমিকম্প । যাৰ ফলত , মাজনিশা কঁপি উঠে দিল্লীসহ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহ কঁপি উঠে । অৱশ্যে, কম্পনৰ ফলত ভাৰতত কোনো ডাঙৰ ক্ষতি হোৱা নাই।

অৱশ্যে, নেপালত ভয়ংকৰ ৰূপ লৈছে ভূমিকম্পই । নেপালত ইতিমধ্যে ছয়জন লোকৰ মৃত্যু হৈছে। আৰু আহত বহুতো । মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ৰাতি প্ৰায় দুই বজাত কম্পন হয় নেপালৰ বিস্তীৰ্ণ অঞ্চলত । যাৰ প্ৰভাৱ পৰিছে দিল্লী, নয়ডা আৰু গুৰুগ্ৰামৰ ওপৰতো । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৩ আছিল।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, কম্পনটোৰ উৎস আছিল নেপাল। নেপালৰ ডটি জিলাৰ মুখ্য বিষয়া কল্পনা শ্ৰেষ্ঠই জনাইছে যে কেবাটাও অঞ্চলত ঘৰবোৰ খহি পৰিছে। ইয়াৰ ফলত, কমেও ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও পাঁচজন লোক আহত অৱস্থাত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয় । পুৰবাচোকি গাঁৱৰ পৰা আৰু তিনিজনলোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ভাঙি পৰিছে বহুতো ঘৰ।

https://twitter.com/ani_digital/status/1590160274086301697?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1590160274086301697%7Ctwgr%5E447f22cc2735b3931a80397a8f682672115ae969%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Fworld%2Fatleast-6-dead-in-nepal-earthquake%2F

উল্লেখ্য যে,মঙলবাৰে পুৱাও নেপালৰ বিভিন্ন ঠাই কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৫ । গোটেই দিনটোত কেবাবাৰো আফটাৰশ্বক অনুভৱ কৰা হয় । যাৰ ফলত, ক্ষতি অধিক হৈছে। নেপালৰ সেনাই ইতিমধ্যে যুদ্ধকালীন উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Exit mobile version