Howly Rass Mohotsav :হাউলী ৰাস মহোৎসৱত ব্যতিক্ৰমী ৰূপত গীতি আলেখ্য আৰু পূৰ্ণাঙ্গ নাট “প্ৰেম”ৰ মঞ্চস্থৰ প্ৰস্তুতি

WhatsApp Image 2022 11 09 at 20.13.49

Howly Rass Mohotsav :

 ১৯২৮ চনৰ পৰা আৰম্ভ হোৱা হাউলীৰ ৰাস মহোৎসৱে বৰ্তমান ৯৫ বছৰত পদাৰ্পণ কৰিছে । ৯৫ সংখ্যক ৰাস মহোৎসৱৰ বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে একাধিক বিভিন্ন জনগোষ্ঠীৰ চহকী লোক সংস্কৃতি উপস্থাপনৰ বাবে ৰাসৰ বিশাল মঞ্চ সাজু হৈ উঠাৰ সময়তে এক ব্যতিক্ৰমী পদক্ষেপৰ সৈতে ৰাস মহোৎসৱৰ অধীনস্থ মানৱ সম্পদ উন্নয়ন সমিতিৰ উদ্যোগত হাউলীৰ ন-পুৰণি শিল্পীৰ সমাবেশত জনপ্ৰিয় নাট্যকাৰ হেমন্ত দত্ত ৰচিত বহুল জনসমাদৃত সামাজিক নাট “প্ৰেম” মঞ্চস্থ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে।

ইয়াৰ লগতে বৃহত্তৰ হাউলী অঞ্চলৰ শিশু আৰু চেমনীয়া শিল্পী, কলা-কুশলীসকলক একত্ৰিত কৰি বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা আৰু গীতৰ আধাৰত ভট্টাচাৰ্যৰ জীৱনৰ ওপৰত “ৰূপালী নদী সোণালী সাঁকো” শীৰ্ষক এখন গীতি আলেখ্য নিবেদন কৰাৰ বাবেও প্ৰস্তুতি অব্যাহত আছে।

মানৱ সম্পদ উন্নয়ন সমিতিৰ সম্পাদক মহানন্দ পাঠক আৰু সমন্বয়ক যুগান্ত বায়নে জনোৱা মতে অহা ১২ নৱেম্বৰৰ সন্ধিয়া হাউলী ৰাস মহোৎসৱৰ মঞ্চত এই দুয়োটা অনুষ্ঠান পৰিৱেশন কৰা হ’ব।

উল্লেখযোগ্য যে অসম বিধান সভাৰ প্ৰধান সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হেমেন দাস আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাৰ নাট প্ৰযোজক ভূপাল পাঠকে চৰকাৰী দায়িত্ব পালন কৰাৰ মাজেৰে নিশাৰ ভাগত অতি সহৃদয়তাৰে নাট আৰু গীতি আলেখ্য খন প্ৰযোজনা আৰু পৰিচালনা কৰা কাৰ্য্যই সকলোকে উৎসাহিত কৰি তুলিছে।

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা শৈলেন দাস, বিশিষ্ট নাট্যকৰ্মী ধনঞ্জয় বৰ্মন,চম্পক নাথ, দীপজ্যোতি দাস, কপিল দাস, পূৰৱী পাঠককে ধৰি কেইবাগৰাকীও ন-পুৰণি নাট্যকৰ্মীয়ে নাট আৰু আলেখ্য খনত অংশগ্ৰহণ কৰিছে।

Exit mobile version