Indian Economy : ২০২৭-ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’ব ভাৰত, দাবী মার্কিন সংস্থাৰ

Indian Economy overview 2

Indian Economy :

ষষ্ঠ স্থানতে স্তব্ধ নাথাকে ভাৰত । যি গতিত দেশৰ অর্থনীতি আগবাঢ়িছে আগন্তুক পাঁচ বছৰৰ ভিতৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’ব দেশ । এই দাবী কৰিছে মার্কিন বিনিয়োগকাৰী সংস্থা ‘মর্গান ষ্টেনলি’য়ে । কৰ’না বিপর্যয়ৰ পাছত জিডিপি বা উৎপাদন দ্বিগুণ কৰিবলৈ ভাৰত সক্ষম হ’ব বুলি দাবী কৰা হৈছে সংস্থাটোৰ প্ৰতিবেদনত ।

সম্প্রতি ‘ফাইনেন্সিয়েল টাইমছ’-ত এটা প্রতিবেদন প্রকাশিত হৈছে । প্ৰতিবেদনত মর্গান ষ্টেনলিৰ এছিয়া বিষয়ক প্রধান অর্থনীতিবিদ চেতন আহিয়াই দাবী কৰিছে, ২০২৭-ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’ব ভাৰত । আগনৈ ১০ বছৰত জিডিপি বা উৎপাদন দ্বিগুণ কৰিবলৈ সক্ষম হ’ব দেশ । বর্তমান ৩.৪ ট্রিলিয়ন ডলাৰৰ পৰা বাঢ়ি ভাৰতৰ জিডিপি (GDP) ৮.৫ ট্রিলিয়ন ডলাৰ হ’ব ।

প্রতিবেদনত আহিয়াই লিখে, “প্রতি বছৰে ভাৰতৰ জিডিপি প্রায় চাৰিশ বিলিয়ন ডলাৰ বাঢ়িব । আমেৰিকা আৰু চীনৰ পাছত এনে বৃদ্ধিৰ হাৰ আৰু কাৰো নাই ।”

কি কি কাৰণত অর্থনীতিৰ পথাৰত ভাৰতৰ জয়ৰথ উল্কাৰ গতিত আগবাঢ়িব ?

মর্গান ষ্টেনলিৰ প্ৰতিবেদনমৰ্মে, পণ্য আৰু সেৱা কৰ বা জিএছটি-ৰ দৰে সংস্কাৰে ভাৰতীয় অর্থনীতিৰ গতি দ্রুত কৰিছে । কর্প’ৰেট কৰ ৰেহাইত বিনিয়োগ বান্ধৱ পৰিৱেশ সৃষ্টি হৈছে । চৰকাৰৰ উৎপাদন সম্পর্কিত আর্থিক সহায়তাথ প্রকল্পসমূহেও অর্থনীতি শক্তিশালী কৰিছে ।

বর্তমান পৰিস্থিতিত যোগান শৃংখল বা নতুন নতুন ‘ছাপ্লাই চেইন’ সন্ধান কৰিছে সমগ্ৰ বিশ্ব‌ই । এনে পৰিস্থিতিত যোগানদাতা হিচাপে নিজকে প্রতিষ্ঠিত কৰিছে ভাৰতে । এই সমস্ত কাৰণতেই দ্রুত আগবাঢ়িছে দেশৰ অর্থনীতি ।

উল্লেখ্য, বিনিয়োগকাৰী সংস্থা তথা অর্থনৈতিক পূর্ভাবাস দিয়াৰ ক্ষেত্রত আন্তর্জাতিক ‘মানি মার্কেট’ত মর্গান ষ্টেনলি সমীহ কৰাৰ দৰে নাম । সেয়ে এনে সংস্থাৰ প্ৰতিবেদনত কিছু হ’লেও স্বস্তি পাইছে মোদী চৰকাৰে । বিগত দিনত মূল্যবৃদ্ধি, কর্মসংস্থাপন আৰু বিদেশী বিনোয়োগ সন্দৰ্ভত সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্র ।

নোট বাতিলৰ দৰে ‘ভুল নীতি’ৰ বাবেই দেশৰ আর্থিক বৃদ্ধিৰ হাৰ প্ৰভাৱিত হৈছে বুলি কটাক্ষ কৰিছে কংগ্রেছসহ অন্যান্য ৰাজনৈতিক দলসমূহে । ফলত ২০২৭-ৰ ভিতৰত ভাৰতৰ অভাৱনীয় উন্নতিৰ পূর্ভাবাস লোকসভা নির্বাচনৰ পূৰ্বে কেন্দ্রীয় চৰকাৰৰ নীতিতেই ছিলমোহৰ দিলে বুলি ধাৰণা কৰিছে বিশ্লেষকসকলৰ একাংশ‌ই ।

Exit mobile version