Madhya Pradesh : চিকিৎসা বিজ্ঞান পৰীক্ষাত দুৰ্নীতি , ২৭৮ জনৰ ভুৱা ডিগ্ৰী লাভ মধ্য

1667970047 doctor

Madhya Pradesh :

কেতিয়াও চিকিৎসা বিজ্ঞান পঢ়া নাই । অথচ আছে চিকিৎসা বিজ্ঞানৰ প্ৰমাণপত্ৰ । বিনা অধ্যয়নেৰে নামৰ আগত চিকিৎসক লিখিবলৈ অনুমতি পালে ২৭৮ জন লোকে । মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে কে ত্ৰিবেদীৰ নেতৃত্বত এখন পাঁচ জনীয়া সমিতিৰ প্ৰতিবেদনত এনে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

মধ্য প্ৰদেশ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভুৱা শিক্ষাৰ্থীৰ বিৰুদ্ধে চিকিৎসা বিজ্ঞানৰ প্ৰমাণপত্ৰ দিয়াৰ অভিযোগত ২০২১ চনৰ ১৬ আগষ্টত গোচৰ ৰুজু কৰা হয় ।

উচ্চ ন্যায়ালয়ত কে’বাজনো চিকিৎসা বিদ্যাৰ্থীয়ে তেওঁলোকৰ পিটিছনত দাবী কৰে যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহত বৃহৎ পৰিমাণৰ দুৰ্নীতি আৰু অনিয়ম হৈছে।

তেওঁলোকে অভিযোগ কৰে যে ২০১৮-১৯ বৰ্ষৰ চিকিৎসা পৰীক্ষাত এক বৃহৎ খেলিমেলি হৈছে। উদাহৰণ স্বৰূপে, শিক্ষাৰ্থী নোহোৱা বহুতে চিকিৎসা বিজ্ঞানৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিছে।

সংশ্লিষ্ট চিকিৎসা বিশ্ববিদ্যালয়ৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা লগ হৈ মধ্য প্ৰদেশত প্ৰায় ৯৫৪ খন চিকিৎসা, নাৰ্চিং আৰু পেৰা-মেডিকেল মহাবিদ্যালয় আছে, । তাত এনে গুৰুত্বৰ অভিযোগ পাই তদন্তৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ।

২০২১ চনৰ চাৰি অক্টোবৰত মুখ্য ন্যায়াধীশ মহম্মদ ৰফিক আৰু ন্যায়াধীশ বিশাল ধাগাটাক লৈ গঠিত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন পাঁচ জনীয়া সমিতি গঠন কৰে।

সমিতিখনে বিভিন্ন চিকিৎসা আৰু পেৰা-মেডিকেল মহাবিদ্যালয়ৰ সাতজন অভিযোগকাৰীৰ অভিযোগৰ ওপৰত চকু দিছে । সমিতিখনে জুলাইত উচ্চ ন্যায়ালয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰে । গোচৰটোৰ পৰৱৰ্তী শুনানি দুই জানুৱাৰী, ২০২৩ তাৰিখে হ’ব।

প্ৰাপ্ত তথ্য অনুসৰি এটা সংবাদ মাধ্যমই প্ৰতিবেদনখনৰ এটা প্ৰতিলিপি লাভ কৰা বুলি দাবী কৰে । তেওঁলোকে দাবী কৰে যে ২৭৮ টা ঘটনা ঘটিছে য’ত যিসকলে চিকিৎসা অধ্যয়ন কৰিবলৈ প্ৰৱেশ কৰিছে আৰু যিসকলে চিকিৎসা প্ৰমাণপত্ৰ লাভ কৰিছে তেওঁলোক পৃথক!

ইয়াৰ ওপৰিও আনকি এটা ৰোল নম্বৰত, অন্য নামৰ লোকেও চিকিৎসা ডিগ্ৰী লাভ কৰিছে। বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ এটা অংশৰ দুৰ্নীতি স্পষ্ট, বুলি প্ৰতিবেদনত কোৱা হৈছে।

সমিতিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে যে ২০১৮-১৯ শিক্ষাবৰ্ষত ১৩ জন লোকে এমবিবিএছ আৰু বিডিএছ অধ্যয়নৰ বাবে এনআৰআই বা অনাবাসী কোটাত প্ৰৱেশ কৰিছে।

তেওঁলোকৰ ভিতৰত, ১১ জন পৰীক্ষাত অনুতীৰ্ণ হৈছিল। কিন্তু পিছলৈ, ‘বিশেষ পুনৰ-মূল্যাঙ্কন’ত তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছিল আৰু তেওঁলোক চিকিৎসক হয়।

মধ্যপ্ৰদেশৰ শিক্ষা মন্ত্ৰী (চিকিৎসা) বিশ্বাস চাৰঙে কয়, “আমি অনিয়মৰ স’তে জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছো। আদালতে নিৰ্দেশ দিলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “

Exit mobile version