Robbery in Guwahati : মহানগৰীত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতি

পিষ্টল দেখুৱাই মহিলা পৰা কাঢ়ি নিলে সোণৰ চেইন

WhatsApp Image 2022 11 09 at 18.02.22

Robbery in Guwahati :

গুৱাহাটী মহানগৰ এতিয়া পৰিণ হৈছে অপৰাধীৰ ৰম্যভূমিত ৷ দিন দুপৰতে দুৰ্বৃত্তই সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটোকৈ ডকাইতি কাণ্ড ৷

এটা সপ্তাহৰ পূৰ্বে এগৰাকী শিক্ষয়িত্ৰীক পিষ্টল দেখুৱাই ডিঙিৰ পৰা সোনৰ চেইন কাঢ়ি নিয়াৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় জালুকবাৰীৰ তেতেলীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ৷ ষ্টাৰ বাছৰ বাবে পথৰ দাঁতিত ৰৈ থকা এগৰাকী শিক্ষয়িত্ৰীক বাইকত অহা দুজন দুৰ্বৃত্তই পিষ্টল দেখুৱাই কাঢ়ি নিলে ডিঙিৰ চেইন ৷

মহিলা গৰাকী আৰ্য নাছিং কলেজৰ অধ্যাপিকা মনালী দেৱী ৷ মণিপুৰৰ নিবাসী মহিলা গৰাকী চাকৰি সূত্ৰে জালুকবাৰীৰ গোটানগৰত ভাড়া কৰি আছিল ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰজু কৰিছে শিক্ষয়িত্ৰী গৰাকীয়ে ৷ আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাইছে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

উল্লেখ্য যে যোৱা সপ্তাহত গুৱাহাটী ক্লাৱত দিন দৌপৰতে এগৰাকী শিক্ষয়িত্ৰীক দুৰ্বৃত্তই পিষ্টল দেখুৱাই লুটি নিছিল ডিঙিৰ চেইন ৷

ঠিক একেদৰে যোৱা পষেকতে জালুকবাৰী চ’কতো পথৰ কাষত ৰৈ থকা বিষয় শিক্ষয়িত্ৰী এগৰাকীক বাইকত অহা দুৰ্বৃত্তই ডিঙিৰ পৰা কাঢ়ি নিছিল সোনৰ চেইন ৷

ধাৰাবাহিকভাৱে দুৰ্বৃত্তই চেইন লুটৰ ঘটনা সংঘটিত কৰি আহিছে যদিও মহানগৰীৰ স্মাৰ্ট আৰক্ষী কাৰ্যত অপৰাধী কৰায়ত্ব কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উঠিছে ৷ একপ্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত মহানগৰ আৰক্ষী ৷

Exit mobile version