Aarti Murder Case : আৰতী তুৰীৰ ধৰ্ষণ–হত্যাকাণ্ডৰ সন্দৰ্ভত চিআইডি তৎপৰ

অৱশেষত দৰংৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ আত্মসমৰ্পণ চিআই ডিৰ কাৰ্যালয়ত

WhatsApp Image 2022 11 10 at 18.45.38

Aarti Murder Case :
বহু চৰ্চিত ধূলাৰ আদিবাসী কিশোৰী আৰতী তুৰী হত্যাকাণ্ডৰ স’তে জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত ইতিমধ্যে নিলম্বিত হৈ থকা দৰংৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় যোৱা তিনিদিন ধৰি হৈ আছিল আত্মগোপন ৷ অৱশেষত আজি গুৱাহাটীস্থ চিআই ডি কাৰ্যালয়ত আত্মসমৰ্পণ কৰে নিলম্বিত এছ পি জনে ৷

উল্লেখ্য য়ে ৰয়ে গ্ৰেপ্তাৰৰ আশংকা কৰি অন্তৰ্ৱৰ্তীকালীন জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও বুধবাৰে আদালতে ৰয়ৰ জামিন আবেদন নাকচ কৰে ৷ পিছত নিৰুপায় হৈ বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷

মনকৰিবলগীয়া যে সমগ্ৰ অসম জোকাৰি যোৱা ঘটনাৰটোৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই দুৰ্ভগীয়া কিশোৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ পিতৃ- মাতৃ আৰু স্থানীয় লোকৰ স’তে মতবিনিময় কৰি ঘটনাৰ উচিত তদন্তৰ বাবে গোচৰটো চি আই ডিত দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পিছতে তৎপৰ হৈ পৰে চিআই ডি ৷ ইতিমধ্যে ঘটনাৰ তদন্তত গাফিলতি কৰাৰ অভিযোগত ৰাজমোহন ৰায়ক নিলম্বিত কৰিছিল চৰকাৰে ৷ শেহতীয়াকৈ ধূলা থনাৰ অ’চি উৎপল বৰা,দৰংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন সহ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিজনকৈ জ্যেষ্ঠ চিকিৎসক ডা:অৰুণ ডেকা,ডা : অনুপম শৰ্মা আৰু ডা:অজন্তা বৰদলৈক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ৷

একেদৰে দৰংৰ দণ্ডাধীশ আৰ্শীবাদ হাজৰিকাক পলাতক ঘোষণা কৰি চিআই ডিয়ে তেওঁৰ মঙলদৈ ভাড়াঘৰ চীল কৰে ৷
স্মতৰ্ৱ্য যে আৰতী তুৰীৰ ধৰ্ষণ-হত্যাকাণ্ডৰ স’তে জড়িত থকা এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাক ৰক্ষণাবেক্ষণ দিবৰ বাবে ধূলাৰ অ’চি উৎপল বৰাই লৈছিল পাঁচ লাখ টকা ৷

Exit mobile version