Home News Assam Barpeta Satra :বৰপেটা সত্ৰৰ নাম প্ৰসংগত ভাগ লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা সত্ৰলৈ আগবঢ়াব এম্বুলেন্সসহ ৮ লাখ টকা অনুদান By publisher 3 years Ago ShareShareShareShare Barpeta Satra : ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ অসমৰ আজি দশম দিনা পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কীৰ্তনঘৰত অনুষ্ঠিত হোৱা নাম প্ৰসংগত ভাগ লয় । প্ৰসংগৰ পিছতেই সভাপতিজনে সত্ৰাধিকাৰৰ লগত সত্ৰখনৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু সত্ৰাধিকাৰৰ অনুমতি সাপেক্ষে সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা সত্ৰ উন্নয়নৰ বাবে আঠ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । আনহাতে , বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিধায়ক পুঁজিৰ পৰা সত্ৰৰ বাবে এখন এম্বুলেন্স আগবঢ়োৱাৰ কথাও সভাপতিজনে ঘোষণা কৰে । সভাপতি বৰাৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ গৰাকীয়ে কংগ্ৰেছৰ এই অনুদান স্বীকাৰ কৰি কংগ্ৰেছৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ আৰ্শীবাদ প্ৰদান কৰে আৰু ইয়াৰপিছতে আজিৰ ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ কাৰ্যসূচী আৰম্ভ হয় । Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, News, Politics Tags: Abdul KhalequeAbdul Rahim AhmedAmbulanceBARPETA SATRABHARAT JODO YATRABhupen BoraCongressDonateMla FundMp Fund Related Content উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা By publisher April 28, 2026 Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন By publisher April 28, 2026 Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা By publisher April 28, 2026 ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে By publisher April 28, 2026 Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি By publisher April 28, 2026 উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ By publisher April 28, 2026