Gujarat polls 2022 : গুজৰাট নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

বিজেপিৰ প্ৰাৰ্থী হার্দিক পেটেল, ৰিভবা জাদেজা

rivaba

Gujarat polls 2022 :

ক্রিকেটাৰ ৰবীন্দ্র জাদেজাৰ পত্নী ৰিভবা জাদেজাক বিজেপিয়ে গুজৰাট নির্বাচনৰ বাবে উত্তৰ জামনগৰত প্ৰাৰ্থীত্ব দিছে । তেওঁ ২০১৯ত দলত যোগ দিছিল । ১৮২ জনৰ ভিতৰত ১৬০ জন প্ৰাৰ্থীৰ নিৰ্বাচনত প্ৰাৰ্থীত্বৰ প্ৰথমখন তালিকা প্ৰকাশ পাইছে । এই তালিকাখনত নাই বৰ্তমানৰ বিধায়ক ধৰ্মেন্দ্ৰসিংহ এম জাদেজাৰ নাম । হাৰ্দিক পেটেলে ভিৰাগ্ৰামৰ পৰা শাসকীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ।

প্ৰাপ্ত তথ্য অনুসৰি, দুসপ্তাহ পূৰ্বে দলং দুৰ্ঘটনাত ১৩০ জনৰো অধিক লোকৰ মৃত্যু হোৱা মোৰাৰিত, বৰ্তমানৰ বিধায়কৰ পৰিৱৰ্তে প্ৰাক্তন বিধায়কক বাছনি কৰা হৈছে, যিয়ে দুৰ্ঘটনাত পৰা লোকসকলক ৰক্ষা কৰিবলৈ পানীত জঁপিয়াইছিল ।

মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে ঘাটলোদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । কেন্দ্রীয় মন্ত্রী ভূপেন্দ্র যাদৱে দিল্লীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰি কয় যে, বিধায়কসকলক তেওঁলোকৰ সন্মতিতে পৰিৱৰ্তন কৰা হৈছে ।

এক ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৯খন আসনৰ ৮৪খন আসনত আৰু ৯৩খন আসনৰ ৭৬ খনত পাঁচ ডিচেম্বৰত নিৰ্বাচন হ’ব । চাৰি ডিচেম্বৰত হিমাচল প্রদেশ সহ ফলাফল প্রকাশিত হ’ব ৷

Exit mobile version