Punjab and Haryana High Court : অতিৰিক্ত শকতৰ বাবেই পালে জেলৰ পৰা মুক্তি !

Obecity

Punjab and Haryana High Court :

মেদবহুল হোৱাৰ সুবিধা ! অতিৰিক্ত শকত হোৱাৰ বাবেই মুক্তি পালে কাৰাগাৰৰ পৰা । কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত পঞ্জাৱৰ এজন যুৱকক অতিৰিক্ত শকত হোৱাৰ ফলত জামিন প্ৰদান কৰিছে পাঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে ।

যিহেতু মেদবহুলতা হৈছে এক ৰোগ, ই বহুতো ৰোগৰ মূল বিত্তীয় দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৩৮ বছৰীয়া প্ৰাঞ্জিল বাত্ৰাৰ ওজন ১৫৩ কেজি। তেওঁ আঠ মাহৰ বাবে আম্বালা কাৰাগাৰত বন্দী আছিল। তেঁওৰ বিৰূদ্ধে তদন্ত চলাইছে এনফোৰ্চমেণ্ট ডিৰেক্টোৰেট (ইডি) ।

তিনি হেজাৰ কোটি টকাৰ ‘পঞ্জি দুৰ্নীতি’ত জড়িত আছিল প্ৰাঞ্জিলৰ । এই বিত্তীয় কেলেংকাৰীটোৰ কথা ২০২১ চনত পোহৰলৈ আহে । অনুসন্ধানৰ সময়ত, ইডিয়ে জানিব পাৰিছিল যে প্ৰাঞ্জিল বাত্ৰাই কোম্পানীটোৰ ৫৩ কোটি টকা আত্মসাৎ কৰিছে।

যদিও প্ৰাঞ্জিলৰ দাবী ৱেব ডেভলপাৰ হিচাপে কোম্পানীটোৱে তেওঁক কামৰ মূল্য পৰিশোধ কৰিবলৈ টকা দিয়ে । কিন্তু কিয় তেওঁ পৰিয়ালৰ বিভিন্ন সদস্যলৈ মুঠ ১৫ কোটি টকা বেংকলৈ ট্ৰান্সফাৰ কৰিছিল , তাৰ উত্তৰ দিব নোৱাৰিলে প্ৰাঞ্জিলে ।

তাৰ পাছতে তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে । কিন্তু আজি জামিন লাভ কৰিলে প্ৰাঞ্জিলে ।পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ জামিনতৰ যুক্তি আছিল অভিনৱ । আদালতে অভিযুক্ত প্ৰাঞ্জিল বাত্ৰাক জামিন প্ৰদান কৰে কিয়নো তেওঁ অতিৰিক্ত শকত আছিল।

বিচাৰকসকলে জনাই যে জামিন আবেদনকাৰী মেদবহুলতাত ভুগি আছিল। তেওঁৰ ওজন ১৫৩ কিলোগ্ৰাম। মেদবহুলতা কেৱল এক ৰোগ নহয়, কিন্তু একাধিক ৰোগৰ কাৰণ।

মেদবহুলতাৰ বাবে, শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী হ্ৰাস হয়। বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ফলস্বৰূপে, বিত্তীয় দুৰ্নীতিৰ অভিযোগত অভিযুক্ত প্ৰাঞ্জিল বাত্ৰাক জামিন দিয়া হয়।

প্ৰঞ্জিলক বিগত বছৰ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল। দুই জুনত, তেওঁ প্ৰথমবাৰৰ বাবে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে। তেওঁ দাবী কৰে যে তেওঁ কেৱল কোম্পানীটোৰ এজন কৰ্মচাৰী আছিল।

তেওঁ কোনো ধৰণৰ কেলেংকাৰীত জড়িত নহয়। তেওঁ জামিনৰ আবেদনত তেওঁৰ মেদবহুলতাৰ সমস্যাৰ কথাও উল্লেখ কৰে। অৱশেষত, উচ্চ ন্যায়ালয়ে একেই যুক্তিতে ১৫৩ কিলোগ্ৰামৰ প্ৰাঞ্জিল বাত্ৰাক কাৰাগাৰৰ বাহিৰত শ্বাস ল’বলৈ অনুমতি দিয়ে।

Exit mobile version