Rice Water : আপুনি ভাতৰ মাৰ পেলাই দিয়ে নেকি ? আপুনি হয়তো নেজানে ভাতৰ মাৰত আছে বহু পুষ্টিকৰ গুণ , জানিবলৈ পঢ়ক —

a3bf8f29 ae09 452c 8ef8 70c61e3f0ab8

Rice Water :

আমি হয়তো বহুতে নেজানো , ভাতৰ মাৰৰ উপকাৰী গুণৰ বিষয়ে । ভাতৰ মাৰ কাপোৰ ধোৱাৰ পিছত ব্যৱহাৰ কৰিলে কাপোৰখন ডাঠ হৈ যোৱাৰ লগতে পিন্ধিবলৈ আৰাম হয় আৰু হয়তো আমি নেজানো যে , ভাতৰ মাৰ শৰীৰৰ বাবেও উপযোগী । ইয়াত থকা ভিটামিন আমাৰ শৰীৰৰ পুষ্টি সাধন কৰে ।

সাধাৰণতে বহুতে ভাতৰ মাৰ অপ্ৰয়োজনীয় বুলি ভাবি পেলাই দিয়ে । কিন্তু আপুনি জানেনে যে , ভাতৰ ফেন বা মাৰত লুকাই আছে ‘বিউটি চিক্ৰেট।‘ না-না ভিটামিন ও মিনাৰেলযুক্ত ভাতৰ মাৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে চুলিৰ কাৰণেও উপকাৰী ।

# চুলি চেম্পু কৰাৰ সময়ত ভাতৰ মাৰ মূৰত ঘহিব লাগে । কে’মিনিটমান এনেদৰে ৰখাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই দিব লাগে । এনেকৈ কিছুদিন কৰাৰ পিছত আপোনাৰ চুলি মসৃন হোৱাৰ লগতে উজ্জ্বল হৈ উঠিব । যিসকলৰ চুলি ফটা সমস্যা আছে , তেওঁলোকেও এই পদ্ধতি ব্যৱহাৰ কৰিলে উপকৃত হ’ব ।

# যিসকলৰ ছালৰ উজ্জ্বলতা হ্ৰাস পাইছে , তেওঁলোকেও ভাতৰ মাৰ ছালত ঘহি হেৰুৱা উজ্জ্বলতা ঘূৰাই পাব পাৰে । প্ৰথমে মুখখন গৰম পানীৰে ধুই লোৱাৰ পিছত কপাহত অলপ ভাতৰ মাৰ লগাই মুখমণ্ডলত ঘহিব লাগে । কিছু সময় ৰখাৰ পিছত চাফা পানীৰে ধুই দিব লাগে । ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ সমান্তৰালকৈ ছালখন ট’ন কৰিও তুলিব লগতে মুখত পৰা বলিৰেখা নিৰ্মূল হোৱাটো এই থেৰাপিয়ে সহায় কৰে ।

# কিছুমান লোকৰ ছালত ৰঙা দাগ পৰা পৰিলক্ষিত হয় । তেনেক্ষেত্ৰত শৰীৰৰ দাগ পৰা অংশত ভাতৰ মাৰ লগালে সুফল পাব পাৰি । এই পদ্ধতিত কমেও ১৫ মিনিট ৰখাৰ পিছত ধুই পেলাব লাগে ।

# ডায়েৰিয়া ৰোগতো ভাৰৰ মাৰ খুব উপযোগী । ডায়েৰিয়া হ’লে ভাতৰ মাৰৰ লগত অলপ নিমখ মিহলাই খালে ডায়েৰিয়া ৰোগৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি । ভাতৰ মাৰত ৮ টা জৰুৰী এমাইন’ এচিড আছে । যি পেশীৰ পূৰ্ণ গঠনত সহায় কৰে লগতে ই কাৰ্বহাইড্ৰেট যোগান ধৰে ।

এতিয়াৰ পৰা আপুনি ভাতৰ মাৰ পেলাই নিদিব । মাৰ কাঢ়িবলৈ অশান্তি পালে , অলপ চাউল লৈ কিছু গৰম কৰি ফ্ৰিজত থৈ দিলেও ভাতৰ মাৰ পাব পাৰিব । এইদৰে তৈয়াৰ কৰা ভাতৰ মাৰো সমানেই উপকাৰী ।

Exit mobile version