FIFA World Cup : ফিফাই ঘোষণা কৰিলে কাটাৰ ফুটবল বিশ্বকাপৰ প্ৰাইজমানি 

Qatar WC

FIFA World Cup :

সমাগত কাটাৰ ফুটবল বিশ্বকাপ । আৰু মাত্ৰ ৯ দিন বাকী থকা সময়ত এই প্ৰত্যাহিত বিশ্বকাপৰ প্ৰাইজমানি ঘোষণা কৰিছে ফিফাই ।

ইতিমধ্যে বিশ্বকাপক লৈ ক্ৰীড়া অনুৰগীৰ উৎকণ্ঠা বৃদ্ধি পাইছে । খেল মানেই বিনোদনৰ লগতে অৰ্থৰ ঝনঝননি । অৰ্থাৎ বিশ্বকাপ মানেই টকাৰ খেলা । ধনকুবেৰৰ দেশত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ কাৰণে ধাঁধানো ষ্টেডিয়ামত আৰম্ভ হৈছে চকুত লগা বিশাল আয়োজন ।

বিশ্বকাপৰ মঞ্চত কেৱল দেশ এখনৰ মৰ্যদাই জড়িত হৈ নাথাকে , ইয়াৰলগত এখন দেশৰ আৰ্থিক লাভালাভৰ কথাও জড়িত হৈ থাকে । সেইয়েহে প্ৰতিবাৰেই বিশ্বকাপত বাঢ়ে ধনৰ পৰিমাণ । ব্যতিক্ৰম নহয় কাটাৰ বিশ্বকাপো । বৰঞ্চ ৰেকৰ্ড গঢ়ি প্ৰাইজমানি ঘোষণা কৰিছে কাটাৰ বিশ্বকাপ ফুটবলৰ নিয়ন্ত্ৰক সংস্থাই ।

এইবাৰ বিশ্বকাপত অংশ লোৱা ৩২ টা দলৰ বাবে কাটাৰ ফুটবল সংস্থাই কোনো প্ৰাইজমানি আগবঢ়োৱা নাই । কিন্তু বাচনিত অহা ১৬ টা দলে লাভ কৰিব বিপুল পৰিমাণৰ ধন । ভাৰতীয় মুদ্ৰাত সেই ধনৰ মূল্য হ’ব প্ৰায় তিনি হাজাৰ কোটি টকাৰ সমান । অৰ্থাৎ শেষৰ ১৬ টা দলে এই বিপুল পৰিমাণৰ ধন লাভ কৰিব ।

গ্ৰুপপৰ্বৰ খেল শেষ হোৱাৰ পিছত নকআউটৰ খেল আৰম্ভ হ’ব । কোনোটো দল ইয়াৰ এখনত জিকিলে আগবাঢ়ি যাব আৰু হাৰিলে পুনৰ নিজৰ দেশলৈ উভটি যাব । ইয়াৰে জিকা আঠটা দলৰ প্ৰত্যেকেই পাব ১১.৭ মিলিয়ন ইউৰো । যদি আমি ভাৰতীয় মুদ্ৰাৰ হিচাপত চাওঁ , তেন্তে ইয়াৰ মূল্য হ’ব প্ৰায় ১২৪ কোটি ৪৬ লাখ ৪০ হাজাৰ টকা ।

একেদৰে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লোৱা দলে লাভ কৰিব ১৫.৪০ মিলিয়ন ইউৰো । আকৌ তৃতীয় আৰু চতুৰ্থ স্থান প্ৰাপ্ত দলে লাভ কৰিব ২৬০ কোটি টকা আৰু ২৪০ কোটি টকা ।

শেষত মূল বিজয়ী দলে লাভ কৰিব বিশ্বকাপসহ ৩৮ মিলিয়ন ইউৰো । যাৰ ভাৰতীয় মূল্য হ’ব প্ৰায় ৪০৪ কোটি ২৪ লাখ টকা । ৰানাৰ্চ আপ দলে পাব ২৭.২৭ মিলিয়ন ইউৰো । যাৰ মূল্য হ’ব ২৯০ কোটি টকা ।

Exit mobile version