Alia Bhatt :সদ্য মা হৈছে আলিয়া , মাতৃ হোৱাৰ পিছতো কিয় কমা নাই আলিয়াৰ ৰূপ-লাৱণ্য ? জানক আলিয়াৰ সৌন্দৰ্যৰ ৰহস্য –

alia ranbir 1667706620

Alia Bhatt :
সদ্য মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে । এই খবৰে দেশজুৰি চৰ্চা লাভ কৰাৰ লগতে কাপুৰ আৰু ভাট পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে । মাতৃ হোৱা আলিয়া কেতিয়া ছবিজগতলৈ ঘূৰি আহিব , সেইলৈ উৎসুকতা বাঢ়িছে অনুৰাগীৰ ।

ইতিমধ্যে হাস্পাতালত ভৰ্তি হোৱা সময়ৰ বহু ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । মাতৃ হোৱাৰ আশাত অত্যন্ত সুখী দেখা গৈছিল অভিনেত্ৰীগৰাকীক । কিন্তু কমা নাছিল গ্লেমাৰ লুক । সদ্য মাতৃ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীক চাবলৈ অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ পৰা দেখা গৈছে ।

কেনেদৰে নিজৰ স্বাস্থ্যৰ যত্ন লৈছে আলিয়াই ? কিয় কমা নাই আলিয়াৰ ৰূপ-লাৱণ্য ?
জানক আলিয়াৰ সৌন্দৰ্যৰ ৰহস্য –

মুলতানি মাটি : ছালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে আলিয়াই প্ৰতিদিনে মুলতানি মাটিৰ পেক ব্যৱহাৰ কৰে । এই পেক ব্যৱহাৰ কৰা বাবেই আলিয়াৰ মুখত ব্ৰণ,দাগ বা বলি ৰেখা পৰা পৰিলক্ষিত হোৱা নাই ।

মৌৰ মাস্ক : ইয়াৰোপৰি আলিয়াই মৌৰ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰে । এটা সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কৈছিল যে , সময় থাকিলে তেওঁ কমলা ৰসৰ লগত মৌ মিহলাই মুখত লগাই আৰু ১৫ মিনিট ৰখাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই দিয়ে ।

ময়েশ্চাৰাইজাৰ : আলিয়াই ফেচ ক্ৰিমৰ পৰিৱৰ্তে ছালৰ কাৰণে ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰে । শীত , গ্ৰীষ্ম নতুবা বৰ্ষা , সকলো সময়তে আলিয়াই ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰে ।

ইয়াৰোপৰি আলিয়াই দৈনিক কঠোৰ ব্যায়াম কৰে । পুৱা শুই উঠিয়েই যোগাসন কৰা আলিয়াই ফিটনেচ এক্সপাৰ্টৰ পৰামৰ্শ অনুসৰি দৈনিক জিমত গৈ শৰীৰচৰ্চা কৰে । খোৱাৰ ক্ষেত্ৰত আলিয়া খুবেই সতৰ্ক । সাধাৰণতে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য গ্ৰহণ নকৰে অভিনেত্ৰীগৰাকীয়ে ।

ইয়াৰ পৰিৱৰ্তে ফল-মূল , ৰুটি , দৈ , শাক-পাচলি আৰু চালাদ খাই নিজকে সুস্থ কৰি ৰখাৰ চেষ্টা কৰে । উল্লেখ্য যে , প্ৰথম অৱস্থাত ছবিজগতলৈ অহাৰ সময়ত অভিনেত্ৰীগৰাকী যথেষ্ট শকত দেখা গৈছিল যদিও পিছত আলিয়াই প্ৰায় ১২ কেজি ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ।

Exit mobile version