Delhi Air Pollution : প্ৰদূষণৰ কাৰণে অসুস্থ ৰোগীৰ সংখ্যা বাঢ়িছে , আপ চৰকাৰক দায়ী দিল্লীবাসীৰ

1667707692 delhi pollution 1

Delhi Air Pollution :

প্ৰদূষণৰ সন্মুখীন হৈছে দিল্লী। যোৱা কিছুদিনত , দিল্লীৰ বহুলোক প্ৰদূষণৰ ফলত অসুস্থ হৈ পৰিছে। চিকিৎসালয়ত ৰোগীৰ ভিৰ । প্ৰদূষণৰ ফলত, বৃদ্ধ আৰু শিশুসকল তুলনামূলকভাৱে অধিক অসুস্থ হৈ পৰিছে।

এই সন্দৰ্ভত, এক সমীক্ষাত দাবী কৰা হৈছে যে দিল্লীৰ ৭২ শতাংশ ই প্ৰদূষণৰ ফলত হোৱা ৰোগৰ বাবে আম আদমী পাৰ্টি চৰকাৰক দোষাৰোপ কৰিছে।

‘ল’কেল চাৰ্কেলছ ‘ নামৰ এটা সামাজিক মাধ্যম গোটে শেহতীয়াকৈ সমীক্ষা চলাইছিল। য’ত দাবী কৰিছিল যে দিল্লী আৰু এনচিআৰ অঞ্চলৰ ৭২ শতাংশ বাসিন্দাই অনুমান কৰে যে প্ৰদূষণৰ ফলত হোৱা ৰোগৰ বাবে আপ চৰকাৰ দায়বদ্ধ।

৪৪ শতাংশ বাসিন্দাই অনুভৱ কৰে যে ইয়াৰ বাবে পঞ্জাৱ চৰকাৰ দায়বদ্ধ। অৰবিন্দ কেজৰিৱালৰ দলে এই বছৰৰ মাৰ্চত পঞ্জাৱত চৰকাৰ গঠন কৰে । তেওঁলোকে কয় যে প্ৰদূষণৰ মোকাবিলাত এই দুয়োখন ৰাজ্য চৰকাৰৰ ভূমিকাত তেওঁলোক হতাশ হৈছে ।

আনহাতে, ৩২ শতাংশ লোকে এই পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে। সমীক্ষাত দাবী কৰা হৈছে যে কেন্দ্ৰই প্ৰদূষণৰ মোকাবিলা কৰিবলৈ দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ স’তে সমন্বয়ত কাম কৰাত উদাসীনতা দেখুৱাইছে।

সমীক্ষাত এইটোও উল্লেখ কৰা হৈছে যে দিল্লীৰ ১৮ শতাংশ বাসিন্দাই কয় যে প্ৰদূষণৰ ফলত তেওঁলোকৰ ঘৰৰ কোনো লোক অসুস্থ হোৱা নাই। ২২ শতাংশ আৱাসীয়ে জনাই যে তেওঁলোকৰ পৰিয়ালৰ এজন সদস্য প্ৰদূষণৰ বাবে অসুস্থ হৈ পৰে।

১২ শতাংশ বাসিন্দাই দাবী কৰে যে তেওঁলোকৰ পৰিয়ালৰ দুজন সদস্য প্ৰদূষণৰ বাবে অসুস্থ হৈ পৰিছে। ১৮ শতাংশ বাসিন্দাই জনাই যে তেওঁলোকৰ পৰিয়ালৰ অসুস্থতাৰ সংখ্যাটো তিনিজন ।

২৪ শতাংশ বাসিন্দাই জনাই যে প্ৰদূষণৰ ফলত তেওঁলোকৰ পৰিয়ালৰ চাৰিজন লোক অসুস্থ হৈ পৰিছে। ছয় শতাংশ আৱাসীয়ে আকৌ জনাই যে তেওঁলোকৰ পৰিয়ালৰ পাঁচ বা ততোধিক সদস্য অসুস্থ হৈ পৰিছে।

Exit mobile version