Madurai : বিশ্বাস , জীয়াই উঠিব পত্নী , মৃতদেহ তিনিদিন ঘৰত ৰাখি প্ৰাৰ্থনা স্বামীৰ!

1667305076 death 2

Madurai :

মৃত্যু হয় অসুস্থ পত্নীৰ ।চিকিৎসালয়ত ভৰ্তি আছিল । মৃত্যুৰ পাছত , চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ মৃতদেহ তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰে।

কিন্তু স্বামীয়ে অন্তিম সংস্কাৰ নকৰাকৈ তেওঁৰ পত্নীৰ মৃতদেহ ঘৰত থৈ দিয়ে । তেওঁ বিশ্বাস আছিল যে তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলেই তেঁওৰ পত্নী জীয়াই উঠিব । ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ মাদুৰাইত ।

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত মহিলগৰাকীৰ নাম মালতী। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আঠ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। মালতীৰ মৃতদেহ চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ স্বামী বালকৃষ্ণক হস্তান্তৰ কৰে।

তেওঁ মলতীৰ মৃত্যুৰ বিষয়ে আত্মীয় আৰু চুবুৰীয়াসকলক নজনোৱাকৈ গোপনে মৃতদেহটো ঘৰলৈ লৈ আহে। তাৰ পাছত, তেওঁ শৰীৰটো ফ্ৰিজত ৰাখিলে।

ইতিমধ্যে কিছুমান চুবুৰীয়াই ইয়াৰ বিষয়ে জানিব পাৰে । কিন্তু তেতিয়ালৈকে তিনিদিন পাৰ হৈ গ’ল। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । যেতিয়া আৰক্ষীয়ে আহি মালতীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, পৰিয়ালৰ সদস্যসকলে আত্মহত্যাকৰাৰ ভাবুকি দিছিল।

আৰক্ষীয়ে যেতিয়া ওলোটাই গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে, বালকৃষ্ণই অৱশেষত মৃতদেহটো মুকলি কৰি দিয়ে। পৰিয়ালৰ সদস্যসকলক সোধা-পোছা কৰাৰ পাছত আৰক্ষীয়ে জানিব পাৰিলে যে তেওঁলোকে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি শৰীৰলৈ উভতি অহাটো সম্ভৱ হ’ব। আৰু সেই বিশ্বাসত, তেওঁলোকে শৰীৰটো তিনিদিন ঘৰত ৰাখি প্ৰাৰ্থনা কৰে।

Exit mobile version