Mysterious Death Of The Teenager : মহানগৰীৰ বৰবাৰীত বনকৰা কিশোৰী ৰহস্যজনক মৃত্যু ঘটনা

ধূলা ঘটনাৰ পুনৰাবৃত্তি,চিআইডিৰ সংগ্ৰহ ফিংগাৰ প্ৰিন্ট

WhatsApp Image 2022 11 12 at 16.59.42

Mysterious Death Of The Teenager:
ধুলাত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ দিছপুৰত ৷ ছয়মাইলৰ ভিআইপি ৰোডৰ প্ৰতীক্ষা হাস্পতালৰ সমীপতে এগৰাকী বনকৰা কিশোৰী যোৱা দুবছৰ দিন ধৰি এজন লোকৰ বাসগৃহত কৰ্মৰত হৈ আছিল ৷

যোৱাকালি ঘৰটোৰ মালিক গৰাকী বাহিৰলৈ ওলাই গৈছিল কিবা কামত ৷ সেই সময়ত সোত্তৰ বছৰীয়া কিশোৰী গৰাকী সহ আন এগৰাকী বনকৰা যুৱতী ঘৰতে আছিল ৷ সম্বন্ধত দুয়ো বাই-ভণী ৷

আজি ৰাতিপুৱা এগৰাকী শোৱাৰ পৰা উঠে যদিও আন এগৰাকী কিশোৰী সাৰ নোপাৱাত হুৱাদুৱা লাগে ৷ পিছত ঘৰৰ গৰাকীয়ে ততাতৈয়াকৈ অচেতন অৱস্থাত থকা কিশোৰী গৰাকীত সমীপৰ প্ৰতীক্ষা হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
আনহাতে পিছত দিছপুৰ আৰক্ষী হৈ উপস্থিত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে এটি গোচৰ পঞ্জীভূক্ত কৰিছে ৷
আনহাতে আৰক্ষীৰ আহ্বানক্ৰমে ঘটনাস্থলীত চিআই ডিৰ এটি দল উপস্থিত দৈ ঘৰটোৰ সকলোৰে আঙুলিৰ চাপ সংগ্ৰহ কৰিছে ৷

আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি কিশোৰী গৰাকী কিছুদিন ধৰি হাপানী ৰোগত আক্ৰান্ত হৈ আছিল ৷ সেই অনুসৰি চিকিৎসা চলাই থকা হৈছিল বুলি ঘৰৰ গৰাকীয়ে আৰক্ষীক প্ৰকাশ কৰে ৷ মৰণোত্তৰ পৰীক্ষাইহে স্পষ্ট কৰিব প্ৰকৃত তথ্য ৷

মনকৰিবলগীয়া যে ধূলাত এগৰাকী এছ এছ বি জোৱানৰ ঘৰত বনকৰা হিচাপে নিয়োজিত থকা এগৰাকী আদিবাসী কিশোৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল ৷ পৰিয়ালৰ লোকে এইয়া হত্যাকাণ্ড বুলি অভিযোগ কৰি ধূলা থানাত গোচৰ তৰিছিল যদিও থানাৰ অ’চি উৎপল বৰা সহ জ্যেষ্ঠ আৰক্ষী বিষয়া কিশোৰী গৰাকীৰ গৰাকী কৃষ্ণ কমল বৰুৱাৰ পৰা পাঁচলাখ টকা লৈ গোচৰটো গাপি দি অভিযুক্তক ৰক্ষনাবেক্ষণ দিয়ে ৷

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ ডিজিপি ভুক্তভোগী পৰিয়ালৰ বাসগৃহ উপস্থিত হৈ চৰজমিন তদন্ত কৰি ঘটনাৰ আসোঁৱাহ ধৰা পেলাই ৷মুখ্যমন্ত্ৰীৰ নিদেৰ্শমৰ্মে দৰংৰ এছ পি ৰাজমোহন ৰায় ,এএছপি ৰূপম ফুকন আৰু ধূলা থানাৰ অ’চিক চাকৰিৰ পৰা নিলম্বিত কৰা হয় ৷

আনহাতে আৰক্ষীয়ে অধিক তদন্তৰ বাবে গোচৰ হস্তান্তৰ কৰে চি আই ডিলৈ ৷ চিআই ডিয়ে অতি নিখুঁটভাৱে তদন্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দৰং তদানীন্তন এছ পি ৰাজমোহন ৰায়,এএছ পি ৰূপম ফুকন,অ’চি উৎপল বৰা,মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গৰাকী চিকিৎসকৰ লগতে ধূলাৰ ৰাজহ চক্ৰ বিষয়া তথা ঘটনাটোৰ পৰ্যবেক্ষণ কৰিবলৈ যোৱা কাৰ্যবাহী দণ্ডাধীশ আৰ্শীবাদ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল ৷

Exit mobile version