Gujarat Election Hbs :গুজৰাট নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তালিকাত ড:হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যখনত চলাব মাৰাথন প্ৰচাৰিভাযান

428b1895 9c1c 4bfe 9b81 27c8e76fb610

Gujarat Election Hbs :

গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা পষেক থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপিয়ে পুনৰ শাসনৰ গাদীত বহিবলৈ ব্যাপক নিৰ্বাচনী ৰণকৌশল যুগুত কৰিছে ৷ উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী তথা ৰাজ্যখনৰ চাৰিবাৰৰ বিজেপিৰ দলৰ মুখ্যমন্ত্ৰী আসন শুৱনি কৰা নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য হোৱা হেতশকে দলটোৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে ৷

বিজেপিক চেলেঞ্জ দি এইবাৰ গুজৰাটত ব্যাপক নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে আপৰ শীৰ্ষনেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱান সিং মান ৷ আপ এইবাৰ বিজেপিৰ বাবে এক প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে গুজৰাটত ৷ একেদৰে তৎপৰ ৰাজ্যৰ অন্যতম বিৰোধী দল কংগ্ৰেছ ৷

আনহাতে শেহতীয়াকৈ ৰাষ্ট্ৰীয় নিউজ চেনেলৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে গুজৰাটত একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ বিজেপি চৰকাৰ হ’ব ৷ কংগ্ৰেছ ১৮-২৫ আসন পোৱাৰ বিপৰীতে কেজৰিয়ালৰ দল আপে মাত্ৰ ২-৬ ৰ ভিতৰত সীমাবদ্ধ থাকিব ৷

বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই এই সমীক্ষাক প্ৰতিয়ন যাব পৰা নাই৷ যাৰবাবে শেহতীয়াকৈ ৰাজ্যবাসীক আকৰ্ষিত কৰিব পৰাকৈ দলটোৱে প্ৰায় ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰিছে। তালিকাত ষ্টাৰ কেম্পেইনাৰ হিচাপে গুজৰাটৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত বক্তা ৰূপে অৱতীৰ্ণ হ’ব অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ দুই এদিনতে মুখ্যমন্ত্ৰীজন উৰা মাৰিব গুজৰাট অভিমুখে৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় ৰাজনীতিত দিনক দিনে গুৰুত্ব বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী শৰ্মা৷ স্মতৰ্ৱ্য যে ১আৰু ৪ ডিচেম্বৰত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটদান ৷

Exit mobile version