Aamir Khan :
একেৰাহে ৩৫ বছৰ বলিউডৰ অভিনয়ৰ জগতত সক্ৰিয় হৈ থকাৰ পাছত মহাতাৰকা অভিনেতা আমিৰ খানে সাময়িকভাৱে অভিনয়ৰ পৰা বিৰতি গ্ৰহণৰ সিদ্ধান্ত ল’লে।
দিল্লীত এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত জনপ্রিয় অভিনেতাজনে তেওঁৰ এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰি কয় যে আগন্তুক ডেৰ বছৰৰ বাবে তেওঁ বলিউডৰ ছবি উদ্যোগৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব।
কিন্তু কিয় অভিনেতাজনে সাময়িকভাৱে বলিউড ত্যাগৰ সিদ্ধান্ত ল’লে? শেহতীয়া ছবি ‘লাল সিং চড্ডা’ বক্স অফিচত ব্যৰ্থ হোৱাৰ কাৰণত আমিৰে অভিনয়ৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ল’লে নেকি?
এই প্রশ্নৰ উত্তৰ দি আমিৰে কয় যে আচলতে তেওঁ এতিয়া পৰিয়ালৰ স’তে অধিক সময় অতিবাহিত কৰিব বিচাৰিছে আৰু সেয়েহে ডেৰ বছৰৰ বাবে কৰ্মবিৰতি গ্ৰহণৰ সিদ্ধান্ত ল’লে। ‘লাল সিং চড্ডাৰ পাছত মই চেম্পিয়নছ নামৰ ছবি এখনৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছিলো। ছবিৰ চিত্রনাট্য মোৰ বৰ পছন্দ হৈছিল। কিন্তু হঠাতে অনুভৱ কৰিলো যে মোক এতিয়া কিছু জিৰণিৰ প্ৰয়োজন, যাতে মই পৰিয়াল, মাতৃ আৰু সন্তানক সময় দিব পাৰো। সেয়েহে সাময়িক বিৰতিৰ সিদ্ধান্ত ল’লো।’ আমিৰে এইদৰে কয়।






























