Arshad Warsi : ঘৰে ঘৰে লিপষ্টিক বিক্ৰী কৰা আৰচাদ ৱাৰ্চি আজি জনপ্ৰিয় তাৰকা

WhatsApp Image 2022 11 17 at 15.19.23

Arshad Warsi :

বলীউড ইণ্ডাষ্ট্ৰিত এনে কিছুমান অভিনেতা আছে , যিসকলে নিজৰ কেৰিয়াৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি আহিছে । বলীউডত চাৰ্কিট চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা আৰচাদ ৱাৰ্চি নামৰ এই অভিনেতাজনেও এসময়ত সাংঘাতিক প্ৰত্যাহ্বান নেওচি আহিছে ।

মুন্না ভাই এম বি বি এচ নামৰ বহুল সমাদৃত হোৱা হোৱা ছবিখনত অভিনেতাজনে দুৰ্দান্ত অভিনয় কৰি সকলোৰে নয়নৰ মনি হৈ পৰিছিল । যি অভিনয়ে অভিনেতা জনক বলীউডত এজন সফল অভিনেতা ৰূপে চিনাকি দিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত বিগ বছৰ প্ৰথম চিজনতো অভিনেতাজনে আঁত ধৰা দেখা গৈছিল ।

এইজন অভিনেতাৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ছোৱাৰ জীৱন আছিল চৰম সংঘাতপূৰ্ণ। আৰচাদ ৱাৰ্চিৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১৯ এপ্ৰিলৰ মুম্বাইৰ এটা মুছলিম পৰিয়ালত । আমি জানো যে, বহু লোক প্ৰতিদিনেই মুম্বাইলৈ আহে জীৱনৰ গতি পথ বিচাৰি । সকলোৱেই কিন্তু নিজৰ সপোন দিঠকত ৰূপ দিব নোৱাৰে । আজি আমি যিসকল ডাঙৰ ডাঙৰ তাৰকা দেখিছোঁ ,সকলোৱেই কিন্তু বহু পৰিশ্ৰম কৰিহে এই পৰ্যায়ত উপণীত হৈছে ।

আৰচাদ ৱাৰ্চিও মাত্ৰ ১৪ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল । ইয়াৰপিছতে অভিভাৱকহীন আৰচাদৰ জীৱনৰ গতিপথ সলনি হ’বলৈ ধৰিলে । আৰম্ভ হ’ল জীৱনৰ অতিকৈ বেয়া দিন । পৰিয়াল ভৰণ-পোষণ দিবলৈ খুব কম বয়সতে কাম কৰিবলৈ আৰম্ভ কৰে । সময়ৰ আগতেই পৰিয়ালৰ গধুৰ বোজা বহন কৰিবলগীয়া আৰচাদে বহু সংগ্ৰামৰ সন্মুখীন হয় । আনকি দশম শ্ৰেণীলৈকে পঢ়ি আধাতে পঢ়াও সামৰিবলগীয়া হয় অভিনেতাজনে ।

ইয়াৰ পিছত নিজৰ ঘৰ-বাৰী এৰি মুম্বাইৰ এটা সৰু কোঠাত জীৱনৰ অন্য এক সংগ্ৰাম আৰম্ভ কৰে । পেটৰ তাড়নাত নিজকে কচমেটিক চেলছমেন হিচাপে নিয়োগ কৰি লিপষ্টিক বিক্ৰী কৰি জীৱন সংগ্ৰামত অৱতীৰ্ণ হয় । সমান্তৰালকৈ ছবিজগততো কাম বিচাৰি চেষ্টা অব্যাহত ৰাখিছিল তেওঁ ।

এই সময়ছোৱাতে আৰচাদে আকবৰ চমিৰৰ নৃত্য দলতো যোগ দিছিল । কামৰ লগে লগে শিল্পচৰ্চা কৰি যোৱা আৰচাদে মৰ্ডান জাজ কেটাগৰিত নৃত্যৰ প্ৰতিযোগিতাত অংশ লৈ চতুৰ্থ নম্বৰ স্থান লাভ কৰে । এই প্ৰতিযোগিতাৰ পৰাই আৰচাদৰ নতুন কেৰিয়াৰ আৰম্ভ হয় ।

উল্লেখ্য যে , ১৯৯২ চনত তেওঁ লণ্ডনৰ ডান্স ৱৰ্ল্ড চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰপিছতে তেওঁ নৃত্যৰ এটা ষ্টুডিঅ’ আৰম্ভ কৰে । ১৯৯৩ চন আছিল আৰচাদৰ আটাইতকৈ ভাল বছৰ ।

জনপ্ৰিয় হিন্দী ছবি ” ৰূপ কি ৰাণী ,চৌৰ কা ৰাজা ” ছবিখনৰ মুখ্য গীতটোত কৰিঅ’গ্ৰাফ কৰিবলৈ সুযোগ পায় । এই গীতটো হিট হোৱাৰ লগতে নৃত্যৰ কৰিঅ’গ্ৰাফে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় । এই ছবিৰ পিছতে আৰচাদৰ কেৰিয়াৰৰ গ্ৰাফ ক্ৰমাৎ ওপৰলৈ যাবলৈ আৰম্ভ কৰে । ইয়াৰপিছতে আৰচাদে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ লগত সহকাৰী হিচাপে কাম কৰাৰ সুযোগ পায় ।

কৰিঅ’গ্ৰাফাৰ হিচাপে চিনাকি দিয়া আৰচাদে পিছলৈ এজন কমেডিয়ান হিচাপে বেছি জনপ্ৰিয় হয় । এটা কথা ঠিক যে আৰচাদক নায়ক হিচাপে পৰিচয় কৰি দিয়াত জয়া বচ্চনৰ বহুত ডাঙৰ ভূমিকা আছে । ১৯৯৬ চনত মুক্তিলাভ কৰা “তেৰে মেৰে চপনে” ছবিখন চুপাৰহিট হৈছিল ।

আৰচাদক এই ছবিৰ বাবে প্ৰস্তাৱ দিছিল প্ৰসিদ্ধ অভিনেত্ৰী তথা বৰ্তমানৰ সাংসদ জয়া বচ্চনে । অভিনেতাজনে লাহে লাহে বলীউড জগতত খোপনি পুতিবলৈ আৰম্ভ কৰে । ক্ৰমে “মেৰে দো অনমোল ৰতন”, “হোগি প্যাৰ কা জিত”, “জিতেঙ্গে হাম ” ,” জানি দুচমন”আদি বহু সফল ছবিত অভিনয় কৰে।

 ২০০৩ চনত নিৰ্মাণ হোৱা “মুন্না ভাই এম বি বি এছ ” ছবিত কৰা কমেডি অভিনয়ে শিল্পীজনক অন্য এক পৰিচয় প্ৰদান কৰে । আজিও অভিনেতাজনৰ এই চাৰ্কিট চৰিত্ৰটোয়ে সকলোৰে মনত সাঁচ বহুৱাই ৰাখিছে ।

ৰ’বলৈ সময় নোহোৱা হোৱা অভিনেতাজনে ক্ৰমে, তিনি ষ্টাইল, মেয়নে প্যাৰ কিও কিয়া , চালাম নমস্তে ,গোলমাল , ক্ৰেজি ৪, দেড় ইছকিয়া ,ওৱেলকাম টু কৰাচি , ইৰাদা আদি ছবিত অভিনয় কৰি বলীউডত এক নিগাজী স্থান লয় ।

পুনৰ ২০২০ চনত তেওঁ “অসুৰ ” নামৰ এখন ৱেব চিৰিজত কাম কৰে । সম্প্ৰতি অক্ষয় কুমাৰৰ লগত ‘বচ্চন পাণ্ডে’ শীৰ্ষক ছবিত কাম কৰি আছে অভিনেতাজনে ।

Exit mobile version