2023 G20 Guwahti Summit :২০২৩ বৰ্ষৰ জি-২০ সন্মিলন হ’ব গুৱাহাটীত !

ডিব্ৰুগড়তো হ'ব এখন বৈঠক

WhatsApp Image 2022 11 19 at 19.36.53

2023 G20 Guwahti Summit :

ইণ্ডোনেছিয়াৰ ৰাজধানী বালিত ইতিমধ্যে সম্পন্ন হোৱা জি -২০ দেশ সমুহৰ দুদিনীয়া সন্মিলনত ভাৰতে পৰৱৰ্তী বৰ্ষৰ বাবে সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৈ জি-২০ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে ৷

ইতিমধ্যে ভাৰত চৰকাৰে জি ২০ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে বৰ্ষজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে জি ২০ সন্মিলনৰ দুখন বৈঠক অসমত অনুষ্ঠিত কৰাৰ বিষয়ে চৰ্চা চলিছে ৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত দুখন বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে আন এখন হ’ব ডিব্ৰুগড়ত ৷

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ইটানগৰ,আইজল ,ইম্ফল আৰু আগৰতলাটো জি ২০ বৈঠক অনুষ্ঠিতৰ বাবে তালিকাভূক্ত কৰা হৈছে বুলি সদৰি কৰে কেন্দ্ৰীয় পৰ্যটন আৰু ডনাৰ দপ্তৰৰ মন্ত্ৰী জি কিষান ৰেড্ডীয়ে ৷

উল্লেখ্য যে আগৰতলাত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বৰ কে’বাখনো ৰাজ্যৰ ৰাজধানীত জি ২০ বৈঠকৰ স্থান নিৰ্বাচন কৰাৰ কথা উল্লেখ কৰে ৷

মনকৰিবলগীয়া যে জি ২০ বৈঠকৰ বাবে দেশৰ ৫৫ স্থান তালিকাভূক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত নতুন দিল্লীত জি ২০ ৰ মুল বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে শ্ৰীনগৰ ,গোৱা, শিলিগুৰি, খাজৰোহো ,হাম্পি, ভূৱনেশ্বৰ, আগ্ৰা, অমৃতসৰতো অনুষ্ঠিত হ’ব কে’বাখনো গুৰুত্বপূৰ্ণ বৈঠক ৷

জি ২০ সদস্য ৰাষ্ট্ৰ কেইখন হ’ল ভাৰত,আজেন্টিনা,অষ্ট্ৰেলিয়া,মাৰ্কিন যুক্তৰাষ্ট্ৰ,ইংলেণ্ড , ব্ৰাজিল,কানাডা,চীন,ইউৰোপীয়ান ইউনিয়ন,ফ্ৰান্স,জামাৰ্নী,ইণ্ডোনেছিয়া,ইটালী,জাপান,মেস্কিকো,ৰাছিয়া, চৌদী আৰৱ,দক্ষিণ আফ্ৰিকা,তুৰস্ক ,স্পেইন,দক্ষিণ কোৰিয়া আৰু কেনিয়া ৷

স্মতৰ্ৱ্য যে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো ৱাইড’ডে আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব ভাৰতক অৰ্পণ কৰাৰ পিছত ১ ডিচেম্বৰৰ পৰা ভাৰতে জি-২০ গোটৰ অধ্যক্ষ হিচাপে কাম আৰম্ভ কৰিব।

 

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দায়িত্ব লাভ কৰি কয় , এই দায়িত্ব প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে গৌৰৱ আৰু সন্মানৰ বিষয়।

২০২৩ ৰ জি ২০ সন্মিলনৰ বিষয়বস্তু হ’ব ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ  ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’।

Exit mobile version