Adulterated Milk :ভেজাল গাখীৰ চিনাক্ত কৰাৰ সহজ উপায় জানিবলৈ পঢ়ক

WhatsApp Image 2022 11 19 at 19.38.50

Adulterated Milk :

 শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে বহু লোকে কিন্তু গাখীৰ খাই বেয়া পায় । কিছুমান লোকে অৱশ্যে ভাতৰ লগত গাখীৰ খাই ভাল পায় । আকৌ কিছু লোকে জলপানৰ লগত গাখীৰ খায় ।

কিন্তু এই গাখীৰক চুপাৰ ফুড বুলি কোৱা হয় । সৰ্বগুণসম্পন্ন এই গাখীৰ সকলো পুষ্টিৰ আধাৰ আৰু শক্তিৰ উৎস । গৰুৰ গাখীৰৰ কম্পজিচনত পানী ৮৬.৫ % ,লেকটোজ ৪.৮%, ফেট ৪.৫ % , প্ৰোটিন ৩.৫ % আৰু ভিটামিন ও খনিজ পদাৰ্থ ৭ % আছে । গাখীৰৰ এই পুষ্টি গুণৰ বাবে প্ৰতিঘৰ মানুহে গাখীৰ দৈনন্দিন ক্ৰয় কৰে ।

অৱশ্যে কিছু লোকে ঘৰতে গাই পুহি গাখীৰ উৎপাদন কৰি বিশুদ্ধ গাখীৰৰ সোৱাদ ল’বলৈ সক্ষম হৈছে । গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ গাখীৰ বিক্ৰেতাই দৈনিক ভেজাল গাখীৰ বিক্ৰী কৰি আহিছে । ভেজালৰ নামত বিভিন্ন ক্ষতিকাৰক পদাৰ্থ গাখীৰত মিহলি কৰে ।

যি মানুহৰ শৰীৰত না-না ৰোগৰ সংক্ৰমণ কৰি আহিছে । গতিকে আজি আমি ভেজাল গাখীৰ চিনাক্ত কৰা বিশেষ উপায়ৰ বিষয়ে অৱগত কৰিম। ভেজাল গাখীৰ চিনাক্ত কৰাৰ কে’বাটাও পদ্ধতি আছে ।

১/ এডোখৰ হেলনীয়া ঠাইত ১ টোপাল গাখীৰ পেলাই দিয়ক , যদি গাখীৰখিনি বৈ নেযায় ,তেন্তে জানিব যে, আপুনি ক্ৰয় কৰা গাখীৰ সম্পূৰ্ণ বিশুদ্ধ আৰু যদি বৈ যায়, তেন্তে আপুনি জানিব যে ,এই গাখীৰত পানী মিহলাইছে ।

২/ গাখীৰ গৰম কৰোতে যদি গাখীৰৰ সৰ নুঠে ,তেন্তে আপুনি গম পাব যে ,সেই গাখীৰত প্ৰচুৰ পানী মিহলি কৰা আছে ।

৩/ কেতিয়াবা যদি গাখীৰ গৰম কৰোতে তলত কিবা গুড়ি জাতীয় পৰি থকা প্ৰত্যক্ষ কৰে, তেন্তে জানিব যে, সেই গাখীৰত কোনো পদাৰ্থ মিহলি কৰিছে ।

অসৎ ব্যৱসায়ী সকলে গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পানী ঢলাৰ লগতে ৰাসায়নিক পদাৰ্থও মিহলি কৰে । যি গাখীৰখিনি ডাঠ কৰি তোলে।

Exit mobile version