Liver Disease : এই কেইটা লক্ষণে দেখা দিলে জানিব আপুনি মাৰাত্মক লিভাৰ ৰোগত আক্ৰান্ত হৈছে

WhatsApp Image 2022 11 19 at 17.00.21

Liver Disease :

অনিয়ন্ত্ৰিত জীৱনযাপন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস , মদ্যপানৰ প্ৰৱণতা ,শাৰীৰিক ব্যায়ামৰ অভাৱ আদি কাৰণৰ বাবে লিভাৰৰ সমস্যা হোৱা দেখা যায় । লিভাৰত অতিৰিক্ত চৰ্বি জমা হ’লে ই ভয়ংকৰ ফেটি লিভাৰ ৰোগৰ লক্ষণ হ’ব পাৰে । কিন্তু কেৱল মদ্যপানৰ বাবেই এই ৰোগ হয়,তেনে নহয় ।

সাধাৰণতে ফেটি লিভাৰ দুই ধৰণৰ হয় । এক এলক’হলিক আৰু আনবিধ নন-এলক’হলিক । অধিক মদ্যপানৰ বাবে লিভাৰত চৰ্বি জমা হ’লে , সেই ৰোগক এলক’হলিক ফেট আৰু অত্যাধিক তেল, ফেট জাতীয় উপাদান বাঢ়ি গলে তাক নন-এলক’লিক ফেটি লিভাৰ বুলি কোৱা হয় ।

অৱশ্যে বংশগত কাৰণতো ফেটি লিভাৰ হ’ব পাৰে । এটা কথা সঠিক যে, সহজে এই ৰোগ ধৰিব নোৱাৰি । কিন্তু শাৰীৰিক কিছু পৰিৱৰ্তন লক্ষ্য কৰিলে প্ৰাথমিক পৰ্যায়ত অৱশ্যে ধৰা পেলাব পাৰি । গতিকে আজি আমি আপোনালোকক এই ৰোগ ধৰা পেলোৱাৰ কেইটামান উপায় উল্লেখ কৰিম ।

১/ ওজন হ্ৰাস :— খোৱা-বোৱা নিয়ন্ত্ৰণ নকৰাকৈ বা শাৰীৰিক ব্যায়াম নকৰাকৈ যদি আপোনাৰ ওজন কমিছে ,তেন্তে আপুনি সোনকালেই চিকিৎসকৰ ওচৰলৈ যাওঁক । ওজন হ্ৰাস পোৱাটো কোনো মাৰাত্মক ৰোগৰ লক্ষণ হ’ব পাৰে । বিশেষকৈ ফেটি লিভাৰৰ অন্যতম এক কাৰণ হৈছে ওজন কমা ।

২/ ঘাঁ হোৱা :– শৰীৰৰ য’তে-ত’তে ঘা হলেও আপুনি সতৰ্ক হোৱা প্ৰয়োজন যিহেতু লিভাৰত ভিটামিন কে সহায়ত একধৰণৰ প্ৰোটিন উৎপাদন হয় ,যি ৰক্তক্ষয় বন্ধ কৰি দিয়ে আৰু কোনো স্থানত দুখ পালে সহজে ভাল নহয় লগতে লিভাৰৰ দূষিত তেজৰ কোষক বৃদ্ধি হোৱাত বাধা দিয়ে । ফলত লিভাৰত ক্ষতিগ্ৰস্ত হ’ব পাৰে । গতিকে শৰীৰত বিনাকাৰণত কোনোধৰণৰ ঘাঁ বা দাগ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

৩/ ভৰিৰ গোৰোহা জ্বলা-পুৰা কৰা :– যদি আপোনাৰ ভৰিৰ গোৰোহা জ্বলা-পুৰা কৰিছে , তেন্তে আপুনি সতৰ্ক হোৱা প্ৰয়োজন । ই কোনো ৰোগৰ লক্ষণ হয় । বিশেষকৈ শৰীৰত এলবুমিন প্ৰোটিনৰ মাত্ৰা কমি গলে এইধৰণৰ সমস্যা হ’ব পাৰে । ই প্ৰোটিন ৰক্তনলীত থকা অন্যান্য কোষলৈ ৰক্ত সঞ্চালনক নিয়ন্ত্ৰণ কৰে । তেজত এই প্ৰোটিনৰ পৰিমাণ কমি গলে ৰক্তনলী বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে । গতিকে ভৰিৰ তলত সামান্য জ্বলা ভাৱ আহিলে চিকিৎসকৰ কাষ চাপিব লাগে । যিহেতু ই মাৰাত্মক ফেটি লিভাৰৰো অন্যতম কাৰণ ।

৪/ পেট ওফন্দি উঠা :– লিভাৰৰ কোনো সমস্যাৰ উদ্ভৱ হলে আপোনাৰ পেট ওফন্দি উঠিব । ই লিভাৰ ৰোগৰ অন্যতম কাৰণ । বহুলোকে এইধৰণৰ সমস্যাত ভুগি থাকে । গতিকে দৈনিক যদি আপোনাৰ পেট ওফন্দি উঠাৰ দৰে হৈ আছে ,তেন্তে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।

বি: দ্ৰ: ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version