Qatar World Cup : কাটাৰ বিশ্বকাপৰ ২৪ ঘন্টা পূৰ্বে বিপাঙত পৰিল ফিফা , বিপুল পৰিমাণৰ ক্ষতিৰ আশংকা :

acba054e 5007 4ed3 b333 f6e969ef4249

Qatar World Cup :

শেষ পৰ্যায়ত ইউৰোপ ,আমেৰিকাৰ ফুটবলপ্ৰেমীৰ আশংকাই সত্য প্ৰমাণিত হ’ল । বহুবাৰ মৃদু আপত্তি আহিছিল যদিও অৱশেষত কাটাৰ বিশ্বকাপ ফুটবলত নিষিদ্ধ হ’ল মদ ।

কাটাৰ চৰকাৰে জাৰি কৰিলে এই নিৰ্দেশনা । ফুটবল বিশ্বকাপ আৰম্ভ হোৱাৰ ২৪ ঘন্টাৰ আগে আহিল এই ৰাজ নিৰ্দেশ । চৰকাৰৰ এই নিৰ্দেশে এতিয়া বিপদত পেলাইছে আয়োজক কমিটিক ।

একেদৰে চিন্তাত পৰিছে ফিফা । কাটাৰৰ ৰাজ পৰিয়ালৰ দাবী যে, বিশ্বকাপৰ সকলো ষ্টেডিয়ামতে নিষেধ কৰা হ’ব মদ বা মাদকদ্ৰব্য জাতীয় সকলো পানীয়ৰ বিক্ৰী ।

ইফালে কাটাৰ ৰাজ পৰিয়ালৰ দাবীক প্ৰত্যাহ্বান কৰিব নোৱাৰে কাটাৰৰ আয়োজক কমিটিয়ে । প্ৰতিযোগিতাখনত পৰিবলগীয়া চৰম ক্ষতিৰ সম্ভাৱনাক চিন্তিত হৈ পৰা আয়োজক কমিটিয়ে এতিয়া বিকল্প পথৰ সন্ধান কৰিছে । ৰাজ পৰিয়ালৰ এনে নিৰ্দেশত মূৰে-কপালে হাত দিছে আয়োজক সংস্থাই ।

কাৰণ বিশ্বকাপৰ প্ৰধান স্পনচৰ হৈছে এটা বিয়েৰ প্ৰস্তুতকাৰক কোম্পানী । ৰাজ আজ্ঞা পালনত মৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে আয়োজক কমিটিৰ । ষ্টেডিয়ামত থকা বিয়েৰ কোম্পানীৰ ফলক আতৰাই দিবৰ বাবে হেচা পৰিছে আয়োজক কমিটিৰ ওপৰত ।

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ এই ক্ষণত আয়োজকৰ এই অৱস্থাত বিস্মিত হৈ পৰিছে ফিফা । কাটাৰৰ ৰজা নিজে কোনো কথা প্ৰকাশ কৰা নাই যদিও ভাতৃ শ্বেখ জাচিন বিন হামাদ বিন খলিফা আল-থানিয়ে বিশ্বকাপৰ ষ্টেডিয়ামত বিয়েৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছিল ।

ইতিমধ্যে তেওঁ ফুটবল সংস্থাৰ আপত্তিৰ কথা জনাৰ পূৰ্বেই সকলো অস্থায়ী বিয়েৰৰ দোকান বন্ধ কৰি দিবলৈ নিৰ্দেশ দিয়ে । বিকল্প স্বৰূপে ষ্টেডিয়ামৰ ভিতৰত থকা মাত্ৰ কেইখনমান বিয়েৰৰ দোকান খোলাৰ অনুমতি দিয়ে । যিকেইখন দোকান খুব কম মানুহৰে চকুত পৰে ।

সেই ঠাইত কোনো মানুহো যোৱা দেখা পোৱা নাযায় । ইফালে অতিথিৰ বিশেষ আসনৰ ওচৰতো বিয়েৰ বিক্ৰীৰ আপত্তি উঠিছে । উল্লেখ্য যে, সেই বিশেষ অতিথিৰ বাবে উপলব্ধ এই বিয়েৰ পান কৰিবলৈ খৰচ হ’ব প্ৰায় ২২ হাজাৰ ৪৫০ ডলাৰ । সমান্তৰালভাৱে ষ্টেডিয়ামৰ অস্থায়ী দোকানত খেল আৰম্ভ হোৱাৰ পূৰ্বে ৩০ মিনিট সময় বিক্ৰী কৰাৰ অনুমতি দিছে লগতে প্ৰস্তুত কৰা নিৰ্দিষ্ট স্থানতহে বিয়েৰ পান কৰিব পাৰিব ।

ইয়াৰোপৰি টিকট ক্ৰয় কৰা লোকেহে বিয়েৰ ক্ৰয় কৰিব পাৰিব লগতে এজন লোকে মাত্ৰ চাৰি গিলাচহে বিয়েৰ ক্ৰয় কৰিব পাৰিব । সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্তৰ নিৰ্দেশ দিছে কাটাৰ চৰকাৰে । যদিও কাটাৰ ৰাজপৰিয়ালৰ পৰা দাবীয়ে এই পথো বন্ধ হোৱাৰ উপক্ৰম হৈছে ।

কাটাৰত মদ বা মদ্যপান নিষিদ্ধ আছিল যদিও ৰাজধানী দোহাৰৰ সমীপৱৰ্তী কিছু অঞ্চলত মদ্যপান কৰাৰ অনুমতি আছিল । মূল চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত এখন দোকান থাকে । কৰ্মসূত্ৰে কাটাৰত থকা বিদেশী লোকৰ বাবে অৱশ্যে অনুমতি আছে যদিও তেওঁলোকে সেই নিৰ্দিষ্ট দোকানতহে মদ ক্ৰয় কৰিব পাৰিব ।

ইফালে এইসকল লোকেও ৰাস্তা বা গাড়ীত বহি মদ্যপান কৰিব নোৱাৰে । নিজৰ ঘৰতহে কৰিব পাৰিব । তেনেক্ষেত্ৰত ৰাজপৰিয়ালৰ পৰা অহা এই নিৰ্দেশক লৈ বিপাঙত পৰিছে আয়োজক সমিতিৰ লগতে ফিফা । সাধাৰণতে বিশ্বকাপ ফুটবলত বৃহৎ পৰিমাণৰ অৰ্থৰ লেন-দেন থাকে ।

দেশ এখনৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ লগতে ফিফাও লাভাম্বিত হয় যদিও ৰাজপৰিয়ালৰ এই নিৰ্দেশে এতিয়া বৃহৎ লোকচানৰ দিশত লৈ গৈছে আয়োজক সমিতিক ।

Exit mobile version