Usha Mangeshkar : অসম সাহিত্য সভাৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা

প্ৰবীন কন্ঠশিল্পী ঊষা মংগেশকাৰলৈ

WhatsApp Image 2022 11 19 at 16.57.11

Usha Mangeshkar:
অসম সাহিত্য সভাৰ ২০২২বৰ্ষৰ ড:ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা শনিবাৰে ঘোষণা কৰা হয় ৷ সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই এক সংবাদমেলত ড:ভূপেন হাজৰিকা বঁটাৰ বাবে  বলিউদৰ প্ৰখ্যাত কন্ঠশিল্পী তথা চামেলী মেম চাহাব আৰু পলাশৰ ৰং আদি গীতৰ স্ৰষ্টা ঊষা মংগেশকাৰৰ নাম ঘোষণা কৰে ৷

মহানগৰীৰ নেডফি হাউচত ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা এক গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰবীন কন্ঠশিল্পী গৰাকীক প্ৰদান কৰা হ’ব ২০২২ বৰ্ষৰ ড:ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা ৷

উল্লেখ্য যে বঁটাটোত আছে পাঁচ লাখ টকাৰ চেক, অংগবস্ত্ৰ আৰু প্ৰশস্তি পত্ৰ ৷ বঁটাটি প্ৰদান কৰিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৷

Exit mobile version