Saif Ali Khan : কিমান টকাৰ মালিক বলীউডৰ নৱাব চেইফ আলী খান ? শুনিলে আপোনাৰ চকু কপালত উঠিব : 

daba17f0 6136 44b6 a194 39a38aeabf8b

Saif Ali Khan :

বলীউডত প্ৰায় তিনি দশকৰ অধিক ৰাজত্ব কৰি থকা নৱাব চেইফ আলী খানৰ ইতিমধ্যে ৫০ বছৰ অতিক্ৰম কৰিলে । চাৰিটাকৈ সন্তানৰ পিতৃ চেইফ কিন্তু এতিয়াও ডেকা হৈয়ে আছে ।

হায়দৰাবাদৰ ৰাজ পৰিয়ালৰ নৱাব পাটাউদি আৰু শৰ্মিলা ঠাকুৰৰ সন্তান চেইফ অগাধ সম্পত্তিৰ মালিক । একাধিক ছবিত অভিনয় কৰাৰ সমান্তৰালকৈ বহু বিজ্ঞাপনৰ এক চিনাকি মুখ চেইফ ।

চিনেমা, বিজ্ঞাপনৰ যোগেদি চেইফে মাহে বহু কোটি টকা উপাৰ্জন কৰে । ইয়াৰোপৰি পিতৃৰ অগাধ সম্পত্তি উত্তৰাধিকাৰী চেইফ । এই সকলো সম্পত্তিৰ যদি হিচাপ কৰা হয় , তেতিয়া নিশ্চয়কৈ সকলোৰে চকু কপালত উঠিব ।

এক প্ৰতিবেদনত প্ৰকাশিত খবৰ অনুযায়ী চেইফৰ ঘৰ অথবা ৰাজ অট্টালিকাটোৰ বৰ্তমান বজাৰদৰ হ’ব প্ৰায় ৮০০ কোটি টকা । অৱশ্যে পৈতৃক সম্পত্তি এই অট্টালিকাটো উদ্ধাৰ কৰোতে চেইফৰ বহু কোটি টকা ব্যয় হৈছিল । কাৰণ পূৰ্বতে এই অট্টালিকাটো এখন হোটেলৰ বাবে লিজত দি থোৱা আছিল ।

২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি চেইফৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে, ১১৮০ কোটি টকা । বছৰে ৩০ কোটি টকা উপাৰ্জন কৰা চেইফে প্ৰতি মাহে কমেও তিনি কোটি টকা উপাৰ্জন কৰে । ইফালে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্ততঃ ২০১২ চনত মোহময়ী অভিনেত্ৰী তথা ৰনধীৰ-ববিতাৰ জী কৰীণা কাপুৰৰ লগত বিবাহপাশত আৱদ্ধ দুয়ো ।

বৰ্তমান দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছে চেইফ-কৰীণাই । ৫০ বছৰত পুনৰ পিতৃ হোৱা চেইফে পূৰ্বতে ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা সিঙক বিয়া কৰাইছিল । দুয়োৰে দুই সন্তানৰ চাৰা আলি খান বৰ্তমান বলীউডৰ এক সফল অভিনেত্ৰী ।

অন্য এক সূত্ৰে প্ৰকাশ যে, প্ৰতিখন ছবিৰ বাবে চেইফে লয় প্ৰায় ১০-১৫ কোটি টকা । একেদৰে বিজ্ঞাপনৰ পাৰিশ্ৰমিক পায় একৰ পৰা পাঁচ কোটি টকা । সমান্তৰালকৈ পূৰ্বপুৰুষৰ বিশাল সম্পত্তিৰ গৰাকী চেইফ । হায়দৰাবাদৰ লগতে হাৰিয়ানাৰ পাটাউডি পেলেচৰ পৰা তথা ভূপালৰ পৈতৃক সম্পত্তি সকলো মিলি অভিনেতাজনৰ মুঠ ৫০০০ কোটি টকাৰ সম্পত্তি আছে ।

উল্লেখ্য যে, ইমান সম্পত্তিৰ মালিক হৈও চেইফে এই সম্পত্তিৰ কোনো অংশ সন্তানক দিব নোৱাৰে । যিহেতু বিগত বৰ্ষত চেইফৰ সমস্ত সম্পত্তি ভাৰত চৰকাৰে শুক্ৰ বিৰোধ আইনৰ অধীন কৰিছে । এই আইন মতে , কোনোৱেই এই সম্পত্তিৰ ওপৰত একো দাবী কৰিব নোৱাৰে আৰু যদি দাবী কৰে, তেন্তে উচ্চ ন্যায়ালয়ৰ যোগেদি উচ্চতম ন্যায়ালয়লৈ দাৰস্থ হ’ব লাগিব ।

ইয়াতো যদি সমাধান নহয় ,তেন্তে এই সিদ্ধান্ত কেৱল ৰাষ্ট্ৰপতিয়ে দিব পাৰিব । উল্লেখ্য যে, চেইফৰ পিতামহ হামিদুল্লাহ খান ব্ৰিটিছ আমোলৰ নৱাব আছিল ,যি কোনো সম্পত্তিৰ উইল কৰা নাছিল । এই কাৰণক লৈ পৰিয়ালটোৰ মাজত বৰ্তমানেও পাৰিবাৰিক অশান্তি হৈ থকা বুলি জানিব পাৰি । এই বিশেষ কাৰণৰ বাবেই ৫০০০ কোটি টকাৰ মালিক হৈও চেইফ সম্পত্তিৰ ভাগ পৰিয়ালৰ কোনো ব্যক্তিক প্ৰদান কৰিব নোৱাৰে ।

Exit mobile version