Covid 19 : ক’ভিড চিকিৎসাত অৱহেলা কৰাৰ বাবে গ্ৰেপ্তাৰ পাঁচজন চিকিৎসক

WhatsApp Image 2022 11 21 at 20.54.59

Covid 19 :

ক’ভিড-১৯ ৰ দ্বিতীয় প্ৰাদুৰ্ভাৱৰ সময়ত, এজন ২০ বছৰীয়া যুৱকক সংকটজনক অৱস্থাত নয়ডাৰ এখন ব্যক্তিগত নাৰ্চিং হোম ‘ য়াথাৰ্থ ‘ত ভৰ্তি কৰোৱা হয় ।

তাৰে পাঁচজন চিকিৎসকৰ বিৰুদ্ধে অভিযোগ, ৰোগীৰ প্ৰয়োজনীয়তা বাবে ৰোগীৰ পৰিয়ালক ক্ৰয় কৰিব দিছিল ‘ৰেমদেচিভিৰ’ কিন্তু ৰোগীক দিয়া নহ’ল ঔষধ ।

অভিযোগ কৰা হৈছে যে ইয়াৰ ফলত, ২০ বছৰীয়া ৰোগীজনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। পাছত তেওঁক আন এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় য’ত তেওঁৰ মৃত্যু হয়।

যুৱকজনৰ পৰিয়ালে প্ৰেছক্ৰিপচন দেখুৱাই দাবী কৰে যে চিকিৎসক সকলেহে ৰেমডেচিভিৰ ক্ৰয় কৰিবলৈ কৈছিল। ৰোগীৰ পৰিয়ালৰ অভিযোগত এখন তদন্ত সমিতি গঠন কৰা হৈছিল ।

সমিতিৰ সদস্য আৰু দিল্লীৰ গৌতম বুদ্ধ নগৰৰ সহকাৰী স্বাস্থ্য বিষয়া টিকাম সিঙে শেহতীয়াকৈ চিকিৎসাৰ অৱহেলাৰ অভিযোগত পাঁচজন চিকিৎসকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । তদন্ত সমিতিৰ অনুসন্ধানত প্ৰতিবেদনত পাঁচজন চিকিৎসকৰ বিৰুদ্ধে অৱহেলাৰ প্ৰমাণো পোৱা গৈছে ।

অৱশ্যে, এখন ব্যক্তিগত নাৰ্চিং হোমৰ মেনেজিং ডাইৰেক্টৰ কপিল ত্যাগীয়ে দাবী কৰে যে অৱহেলাৰ অভিযোগ মিছা আৰু বিভ্ৰান্তিকৰ। তেওঁ এটা সংবাদ সংস্থাক জনাই যে ৰোগীজনক সংকটজনক অৱস্থাত অনা হৈছিল।

আৰু পলম হোৱা হ’লে চিকিৎসা আৰম্ভ কৰাৰ আগতেই যুৱকজনৰ মৃত্যু পৰ্যন্ত হ’ল হয় । ৰোগীজন সামান্য সুস্থ হোৱাত তেওঁক দিল্লীৰ আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।

ত্যাগীয়ে ৰেমদেচিভিৰৰ কাৰ্যকাৰীতা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে । “ইতিমধ্যে প্ৰমাণিত হৈছে যে ক’ভিড-১৯ ৰোগীসকল ৰেমডেচিভিৰৰ পৰা সুস্থ নহয় ।

মই বুজি পাওঁ যে পৰিয়ালটো তেওঁলোকৰ একমাত্ৰ সন্তানহে হেৰুওৱাৰ ফলত মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে। কিন্তু সেই বুলি কাৰো নামত মিছাকৈ অভিযোগ কৰা উচিত নহয়। ”

Exit mobile version