Pfi :ৰাজ্যত নিষিদ্ধ পিএফআইক সমৰ্থন কৰা নেতৃস্থানীয়ৰ ওপৰত দৃষ্টি

WhatsApp Image 2022 11 21 at 16.17.43

Pfi :
ভাৰত চৰকাৰে শেহতীয়াকৈ নিষিদ্ধ ঘোষণা কৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ লগত সমাজক নেতৃত্ব দিয়া একাংশ লোক জড়িত হৈ আছে। এনে ইংগিত লাভ কৰি আৰক্ষীয়ে কয় যে ৰাজনীতিকৰ পৰা শিক্ষাবিদ- বুদ্ধিজীৱীলৈকে থকা তেনে লোকসকলৰ একাংশই চৰকাৰৰ পদক্ষেপক সমালোচনা কৰিছে ।

তাৰ বিপৰীতে অন্যান্যসকলে কোনো ধৰণৰ প্ৰতিক্রিয়া ব্যক্ত কৰা নাই। প্ৰতিক্রিয়া ব্যক্ত কৰা আৰু নকৰাসকলৰো মাজৰ নেতৃস্থানীয় একাংশৰ ওপৰত শেন দৃষ্টি ৰাখিছে আইন-শৃংখলাৰ লগত জড়িত বিভিন্ন সংস্থাই। কিয়নো ইতিমধ্যে ধৃত অসমৰ শীৰ্ষ কে’বাজনো পিএফআই নেতাই আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে যে সাংগঠনিক এক গুৰুত্বপূৰ্ণ কৌশল হিচাপে সংগঠনটোৰ লগত তেনে লোকসকলক জড়িত কৰা হৈছিল।

নেতৃস্থানীয় সেই লোকৰ প্ৰভাৱতে বাহ্যিক বিশেষ প্ৰচাৰ অহিবনে অসমত পিএফআয়ে শক্তিশালী সংগঠন গঢ়ি তুলিবলৈ সক্ষম হয়। সংগঠনৰ আনুষ্ঠানিক সদস্যৰ সংখ্যা কম হ’লেও অনানুষ্ঠানিক সংখ্যা বহু বেছি। উল্লেখ্য যে পিএফআয়ে সদস্যৰ আনুষ্ঠানিক তথ্য নৰখাটো এক সাংগঠনিক কৌশল, কিন্তু সকলো সদস্যৰ লগতে সাংগঠনিক যোগাযোগ ৰক্ষা কৰা হয়।

অনানুষ্ঠানিক সদস্যৰ উপৰি অসমত পিএফআইৰ সমৰ্থকৰ এক বৃহৎ ক্ষেত্র আছে বুলি ধৃত নেতাৰ স্বীকাৰোক্তিত পোহৰলৈ অহাৰ লগতে নিজত্ব অনুসন্ধানতো চোৰাংচোৱা সংস্থাসমূহ নিশ্চিত হৈছে। আৰক্ষী সূত্ৰত প্ৰকাশ যে ভাৰতৰ স্বাধীনতাৰ এশ বছৰ পূৰ্তিত অৰ্থাৎ ২০৪৭ত দেশত হাদিছৰ ভিত্তিত শাসন প্রতিষ্ঠাৰ লক্ষ্যৰে পিএফআয়ে কাম কৰিছিল। তাৰ বাবে সমাজসেৱামূলক বিভিন্ন কামৰ মাধ্যমেৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছিল।

সেই কৌশলত জ্ঞাতে অথবা অজ্ঞাতে হাত উজান দিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একাংশ জনা-বুজা লোকে। তেনে লোকসকলক সংগঠনত চামিল কৰাৰ কাৰণ হ’ল পিএফআইৰ আচল উদ্দেশ্য লুকুৱাই ৰখা। সূত্ৰটোৰ মতে,পিএফআইৰ আচল উদ্দেশ্যৰ বিষয়ে জ্ঞাত হৈ যিসকল শিক্ষিত তথা জমা-বুজা লোকে সংগঠনটোৰ কাম কৰি আহিছে, সেইসকলে নিজস্ব কৌশল, বিচাৰ-বুদ্ধিৰে প্ৰতিক্ৰিয়া হ’ব পৰা কথাবোৰ ঘূৰাই-পকাই অন্য ধৰণে ব্যাখ্যা কৰি  কৰিব পাৰে।

এজন অতি সাধাৰণ, দৈনন্দিন জীৱনত সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা লোকে সেই কাম কৰিব নোৱাৰে। এনে পৰ্যায়ৰ লোকক গোপনে সাংগঠনিক কার্যসূচীত জড়িত কৰাৰ পাছত আৰক্ষীৰ চোৰাংচোৱাই তেনে লোকৰ পৰা অতি সহজে খবৰবোৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ কে’বাটাও আছে বুলি সূত্ৰটোৱে দাবী কৰে।

সেয়েহে পাছলৈ বিশেষ গুৰুত্বপূৰ্ণ বিষয়বোৰত পিএফআয়ে নিজৰ মতাদৰ্শৰ লগত মিলা তথা সংগঠনৰ বিশ্বস্ত বুলি নিশ্চিত হোৱা সমাজৰ একাংশ নেতৃস্থানীয় লোককহে ভাগ লোৱাৰ সুযোগ দিয়ে । আৰক্ষী সূত্ৰত প্ৰকাশ যে সেইচাম লোকৰে একাংশই পিএফআইক চৰকাৰে নিষিদ্ধ কৰাক লৈ ৰাজহুৱাভাৱে বিষোদগাৰ প্ৰকাশ কৰে।

আন একাংশই আকৌ ৰহস্যজনকভাৱে গ্ৰহণ কৰিছে সম্পূৰ্ণ নীৰৱতা। পিএফআয়ে জনা-বুজা লোকক সংগঠনৰ কামত ব্যৱহাৰ কৰা সন্দৰ্ভত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন চন্দ্ৰ নাথে কয় যে সংগঠনৰ আচল উদ্দেশ্য কিছু পৰিমাণে লুকুৱাই ৰখাই হ’ল ইয়াৰ কাৰণ। নাথে কয়, ‘পথাৰত কাম কৰা, মিস্ত্ৰি কাম কৰা, দৈনিক খাটি খোৱা মানুহক যদি সদস্য কৰে তেওঁলোকে সাধাৰণতে কথা এটা সাজি ক’ব নোৱাৰিব পাৰে।

পুলিচে কিবা সুধিলেও ভাঁজ দি কথা এটা হয়তো ক’ব নোৱাৰিব পাৰে। কিন্তু অলপ শিক্ষিত মানুহ এজনে কথা এটা সাজি ক’ব পাৰে। কথা এটা টুইট কৰিব পাৰে। খাটি খোৱা মানুহ এজনক বিশেষ কিবা কথা ক’লে তেওঁলোকে হয়তো নাকচ কৰিব পাৰে। কাৰণ দৈনিক জীৱন-ধাৰণটোৱে তেওঁলোকৰ বাবে মুখ্য। গতিকে যিবোৰ মানুহৰ খোৱা-ৱোৱাৰ অসুবিধা নাই তেনেবোৰকে লক্ষ্য কৰি লয়।’

Exit mobile version