Road Accident : ভয়ংকৰ পথ দুৰ্ঘটনা,পথৰ দাঁতিত ৰৈ থকা পথচাৰীক মহতিয়ালে তীব্ৰবেগী ট্ৰাকে,থিতাতে নিহত ন গৰাকী

WhatsApp Image 2022 11 21 at 13.36.24 2

Road Accident:
শীতৰ আগমনৰ লগে লগে কুঁৱলীৰ বাবে সংঘটিত হয় বহু পথ দুৰ্ঘটনা ৷ বিহাৰৰ বৈশালী জিলাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত ন-গৰাকীকে লোকৰ কৰুণ মৃত্যু হয় ৷

প্ৰাপ্ত খবৰ মতে বৈশালী জিলাৰ মাহনাৰ হাজিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নয়াগাৱত ৰাজপথৰ কাষত থিয় হৈ আছিল কে’বাজনো লোক ৷
এনেতে সেইসময়ত তীব্ৰ বেগত অহা ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা লোক কেইজনক মহতিয়াই নিয়ে ৷

ফলত থিতাতে নিহত হয় নগৰাকীকৈ লোক ৷ আনহাতে গুৰুত্বৰভাৱে আহত সকলক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে নিকটৰ্ৱতী চিকিৎসালয়ত ভৰ্তি কৰে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

Exit mobile version