Zakir Naik :কাটাৰ বিশ্বকাপত ভাষণ প্ৰদান কৰিব বিতৰ্কিত ধৰ্ম প্ৰচাৰক জাকিৰ নায়কে

WhatsApp Image 2022 11 21 at 17.56.37

Zakir Naik :

 জাকিৰ আব্দুল কৰিম নায়ক । ভাৰতৰ অন্যতম ইছলামীক চিন্তাবিদ তথা ধৰ্ম প্ৰচাৰক । যি দীৰ্ঘদিন ধৰি ধৰ্মতত্বৰ ওপৰত কাম কৰি আহিছে । প্ৰায়েই বিতৰ্কত মাজত থকা এইজন ধৰ্মগুৰুয়ে লাভ কৰিছে কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবল ২০২২ ত বক্তব্য দিয়াৰ সুবিধা ।

কাটাৰ বিশ্বকাপ সংস্থাই জাকিৰ নায়কক নিমন্ত্ৰণ কৰিছে একমাত্ৰ ভাষণ প্ৰদান কৰিবলৈ । সেইলৈ ইতিমধ্যে সমগ্র বিশ্বজুৰি তুমুল চৰ্চা আৰম্ভ হৈছে । যিহেতু ভাৰতত জাকিৰ নায়কক নিষিদ্ধ ঘোষণা কৰা হৈছে ।

ইছলামীক ৰিচাৰ্চ ফাউণ্ডেছন নামৰ এটা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক নায়ক ধৰ্মপ্ৰচাৰৰ যোগেদি নিজৰ কট্টৰ মনোভাৱেৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে শেহতীয়াকৈ ভাৰতত ধৰ্মান্তকৰণৰ দৰে স্পৰ্শকাতৰ বিষয়ত সাঙোৰ খাই পৰাত ভাৰত চৰকাৰে নায়কক নিষিদ্ধ ঘোষণা কৰিছিল ।

বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰা এই ধৰ্ম বিশেষজ্ঞজনক ভাৰতৰ লগতে কানাডা, যুক্তৰাষ্ট্ৰ আৰু বাংলাদেশত নিষিদ্ধ কৰা হৈছে । সমান্তৰালকৈ নায়কৰ সকলো বক্তৃতা পিচ টিভি নেটৱৰ্কৰ দ্বাৰা সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ কৰি থাকে ।

যাৰ মাধ্যমত তেওঁৰ বক্তৃতা প্ৰায় ১০ কোটি দৰ্শকে প্ৰত্যক্ষ কৰে । উল্লেখ্য যে ,বহু ইছলামীক ধৰ্ম প্ৰচাৰকৰ স’তেও তেওঁৰ আধুনিক ইছলামীক চিন্তাৰ মতাদৰ্শ আছে । তেওঁ সকলো বক্তৃতা কেৱল উৰ্দুতে নহয় ইংৰাজী ভাষাতো প্ৰদান কৰে । যাতে বিশ্বৰ সকলো মানুহে তেওঁৰ ভাষণ বুজি পায় ।

পেশাগতভাৱে নায়ক এজন চিকিৎসক আছিল যদিও বৰ্তমান তেওঁ সম্পূৰ্ণৰূপে ইছলাম ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰিছে । ভাৰতৰ মুম্বাইত জন্মগ্ৰহণ কৰা নায়ক ভাৰতত নিষিদ্ধ হোৱাৰ পিছতে ২০১৭ চনৰ পৰা মালয়েছিয়াত নিগাজীকৈ বসবাস কৰি আছে ।

নিজৰ ইছলামীক চিন্তাধাৰাক বিশ্বব্যাপী কৰিব বিচৰা নায়কক এনেদৰে কাটাৰ বিশ্বকাপ সংস্থাই ভাষণ প্ৰদান কৰিবলৈ নিমন্ত্ৰণ জনোৱাত স্বাভাৱিকতে একাংশ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

যিহেতু খেল আৰু ধৰ্ম ,দুয়োটা পৃথক বিষয় । খেলৰ সাধনাই সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে । তৎস্বত্বেও কাটাৰ বিশ্বকাপ আয়োজক কমিটিয়ে এই বিতৰ্কিত ধৰ্মপ্ৰচাৰকজনক নিমন্ত্ৰণ কৰাত বিশ্বজুৰি বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰিছে সচেতন মহলে ।

Exit mobile version