Six Killed in Violence: অব্যাহত অসম-মেঘালয় সীমান্তৰ উত্তেজনা মৃতকৰ সংখ্যা বৃদ্ধি ছজনলৈ, এজাহাৰ দাখিল মেঘালয় আৰক্ষীৰ

f23ac92e b172 4d72 be0b 19632bbcf3d7

Six Killed in Violence :

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ স’তে সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা আৰম্ভ হোৱাৰ মাজতে আজি কাহিলীপুৱাতে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ছয়জনলৈ৷ ইয়াৰে পাঁচজন মেঘালয়ৰ বিপৰীতে এজন অসমৰ বনৰক্ষী ৷ এই কথা শ্বিলংত সদৰি কৰে প্ৰতিবেশী ৰাজ্য খনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে অসম আৰক্ষী আৰু বন বিভাগক দোষাৰোপ কৰি কয়,অকতৃত্বশীল আৰু অনাধিকাৰ প্ৰৱেশ কৰিছিল মেঘালয়ৰ ভূমিত ৷ আনহাতে শেহতীয়াকৈ অব্যাহত থকা চেপা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সাত জিলাত ইন্টাৰনেট সেৱা ৪৮ ঘন্টাৰ বাবে কৰ্তন কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

একেদৰে ৰাজ্যখনত পূৰ্ব নিৰ্ধাৰিত সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰে চৰকাৰে ৷ মুখ্যমন্ত্ৰী চাংমাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আনহাতে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসম চৰকাৰে৷ অৱশ্যে দিল্লীত লাচিত দিৱসৰ বাবে দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টেলিফোনিক বাৰ্তালাপ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স’তে ৷ শেহতীয়া খবৰ অনুসৰি গুলীচালনা ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে দাখিল কৰিছে এজাহাৰ ৷ আনহাতে সন্ধিয়াভাগত জৰুৰী কেবিনেট আহ্বান কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

উল্লেখ্য যে আজি পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ্ৱতী জিৰিকিডিঙৰ মক্ৰত অসম আৰক্ষী আৰু বন বিভাগৰ যুটীয়া দলে অবৈধ কাঠ সৰবৰাহ কৰ কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰে ৷ কিন্ত কিছু সময়ৰ পিছতে ট্ৰাক খনৰ চালকে ট্ৰাক খন লৈ পলাই যাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে ট্ৰাক খনৰ চকালৈ গুলী কৰে৷ গুলীত পাম্পচাৰ হোৱাত আৰক্ষীয়ে ট্ৰাকখনৰ চালক, হেণ্ডিমেন সহ এজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইজন এন্ধাৰৰ সূযোগ লৈ পলায়ন কৰে ৷

ইয়াৰ পিছতে শতাধিক খাচী লোকে ট্ৰাক জব্দ কৰা আৰক্ষী- বনৰক্ষী দলটোক চাৰিওপিনৰ ঘেৰাও কৰি দা,জোং,যাঠি আদি লৈ আক্ৰমণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে উত্তেজিত খাচীলোক সকলক লক্ষ্য কৰি গুলীচালনা কৰে৷ ফলত থিতাতে নিহত হয় পাঁচজনকৈ লোক৷আনহাতে উত্তেজিত খাচীলোকৰ আক্ৰমণত নিহত হয় অসম বনৰক্ষীৰ এজন জোৱান ৷

খাচী লোক সকলে এই পৰ্যন্ত খেৰনী বন শিৱিৰৰ বনৰক্ষী জনৰ মৃতদেহ চমজাই দিয়াৰ পৰা বিৰত আছে ৷ আনপিনে একাংশ ক্ষুব্ধ খাচী লোকে আজি বিয়লী বন বিভাগৰ খেৰনী বিটৰ বন শিৱিৰটো জ্বলাই দিয়ে ৷এই ঘটানাই সমগ্ৰ সীমান্তৰ্ৱতী অঞ্চলটোত উত্তেজনা অব্যাহত আছে ৷

উল্লেখ্য যে দুই ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমান্তকেন্দ্ৰীক সমস্যা শেহতীয়াকৈ এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত সমাধানৰ পদক্ষেপ দুয়োখন চৰকাৰে লোৱাৰ সময়তে গুলীচালনাৰ ঘটনাই বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰিছে সচেতন মহলে ৷

Exit mobile version