Assam -Nagaland Border :
অসম -মেঘালয় সীমান্ত অব্যাহত থকা চেপা উত্তেজনাৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ নাগালেণ্ডত সংঘটিত হৈছে অশান্তজৰ্জৰ পৰিস্থিতিৰ ৷
এইবাৰ নগা আৰক্ষীয়ে শিৱসাগৰৰ নাজিৰাৰ ঔগুৰিজানত অকতৃত্বশীলভাৱে অনাধিকাৰ প্ৰৱেশ কৰি জে চি বিৰে চলালে উচ্ছেদ অভিযান।
ADVERTISEMENT
অসমৰ ভূমিত নগা আৰক্ষীৰ বৃহৎ দলে এক্সকেভেটৰ সহ প্ৰৱেশ কৰি বাৰখনকৈ দোকান এফালৰ পৰা ভাঙি চুৰমাৰ কৰে ৷নগা আৰক্ষীৰ এই অবৈধ উচ্ছেদ কাৰ্যৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
এক্সকেভেটৰেৰে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে স্থানীয় অসমীয়ালোক সকলে ৷
আনহাতে চেপা উত্তেজনা অব্যাহত থকা ঔগুৰিজানত অসম আৰক্ষী দল এটি উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে ৷
উল্লেখ্য যে দীৰ্ঘদিন ধৰি নাজিৰাৰ ঔগুৰিজান অঞ্চলটো নাগালেণ্ডে নিজৰ বুলি দাবী কৰি সময়ে সময়ে অঞ্চলটোত চলাই আহিছে সন্ত্ৰাস ৷