Delhi Assam Cabinet : দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠক

অসম-মেঘালয় সীমান্তৰ ঘটনাৰ তদন্ত চিবিআইলৈ

WhatsApp Image 2022 11 23 at 20.14.25

Delhi Assam Cabinet :

ৰাজ্য চৰকাৰৰ উদ্যোগত দিল্লীত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী মহাআয়োজনৰ বাবে ৰাজধানী চহৰখনত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি দিল্লীৰ অসম হাউচত অনুষ্ঠিত হয় কেবিনেট বৈঠক ।

কেবিনেটত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বৈঠকত অসম-মেঘালয় সীমান্তত অব্যাহত থকা উত্তেজনা পৰিস্থিতিৰ সন্দৰ্ভত লোৱা হয় সিদ্ধান্ত ৷

কেবিনেট বৈঠক সম্পন্ন হোৱাৰ পিছত এক সংবাদমেল সম্বোধন কৰি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত পৰৱৰ্তী সময়ত এই ধৰণৰ পৰিস্থিতি উদ্ভৱ হ’লে আৰক্ষী – বন বিভাগে কিদৰে মোকাবিলা কৰিব এই সম্পৰ্কত এখন এচ অ পি প্ৰস্তত কৰিবৰ বাবে নিদেৰ্শনা দিয়ে গৃহ আৰু ৰাজনৈতিক বিভাগক ৷

আনহাতে মুক্ৰৰ ঘটনাক দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ ন্যায়িক তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দায়িত্ব অৰ্পণ কৰা হয়৷ একেদৰে তদন্তৰ প্ৰতিবেদন ৬০ দিনৰ ভিতৰত চৰকাৰৰ ওচৰত দাখিল কৰাৰ বিষয়ে সাংবাদিকক জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ পশ্চিম কাৰ্বি আংলং খেৰণি থানাত পঞ্জীভূক্ত হোৱা গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয় কেবিনেটে ৷

মন্ত্ৰী বৰুৱাই আৰু কয় যে, ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলৰ পৰা পাঁচ কিলোমিটাৰ বাহিৰত গছ কাটিবলৈ হ’লে ৪৮ ঘন্টাৰ ভিতৰত বন বিভাগে অনুমতি দিব৷ কেবিনেটত ২০২৩ বৰ্ষৰ ৩৮ টা চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনাই ৷

আজিৰ কেবিনেটে ৰাজ্যত নতুনকৈ দুহাজাৰ অংগনৱাড়ী কেন্দ্ৰ স্থাপনত অনুমোদন দিয়াৰ লগতে ৰহা স্থিত জোঙালবলহু ক্ষেত্ৰত পৰ্যটক বাবে আকৰ্ষনীয় ৰূপত উন্নীত কৰিবলৈ ৫০ কোটি খৰচৰ অনুমোদন জনায় ৷

Exit mobile version