Increase in Taxes On Alcohol:সুৰাপান কৰা সকলৰ বাবে এটা বেয়া খবৰ

বৃদ্ধি হ'ব সুৰাৰ মূল্য

WhatsApp Image 2022 11 24 at 18.32.05

Increase in Taxes On Alcohol :
সুৰাপায়ী সকলৰ বাবে এটা বেয়া খবৰ ৷ আপুনি যদি সুৰাপায়ী তেন্তে সুৰা ক্ৰয় কৰিবলৈ যাওতে এতিয়াৰ পৰা হাতত লৈ যাওক পূৰ্বে কিনাতকৈ অধিক ধন ৷ কিয়নো এতিয়াৰ পৰা আগৰ দৰত নাপাব সুৰা ৷

সুৰা বিক্ৰীৰ ওপৰত চাৰি শতাংশ কৰ বৃদ্ধিৰ পদক্ষেপ চৰকাৰৰ ৷ কিন্ত এই দামবৃদ্ধি অসমত নহয় ৷ দাক্ষিণাত্যৰ ৰাজ্য কেৰেলাত পিনাৰাই বিজয়ন চৰকাৰে সুৰা বিক্ৰীৰ ওপৰত অধিক কৰ লগোৱা সিদ্ধান্ত লয় ৷

চৰকাৰৰ সিদ্ধান্ত পিছতে সুৰা বিক্ৰীৰ ওপৰত চাৰি শতাংশ কৰ বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰা হয় ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই দেশত নিৰ্মিত বিদেশী সুৰাৰ খুচুৰা মূল্যক যথেষ্ট প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সুৰা বিক্ৰীৰ ওপৰত চাৰি শতাংশ কৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে কেবিনেটে বিদেশী সুৰা উৎপাদনৰ ওপৰত থকা পাঁচ শতাংশ কমাৰ্চিয়েল কৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় ৷

Exit mobile version