Qatar World Cup 2022 : কিয় বিশ্বকাপৰ সময়ত কাটাৰে বোজাই বোজাই কণী আমদানি কৰিছে তামিলনাডুৰ পৰা ?

WhatsApp Image 2022 11 24 at 20.11.52

Qatar World Cup 2022 :

কাটাৰত আৰম্ভ হৈছে ফুটবল বিশ্বকাপৰ মহাৰণ । সমগ্ৰ বিশ্বৰ ফুটবলপ্রেমীসকলে নিজৰ নিজৰ দেশৰ হৈ সমৰ্থন জনাবলৈ একজোঁট হৈছে । স্বাভাৱিকভাৱেই চাহিদা বাঢ়িছে বিভিন্ন খাদ্যৰ । সেই তালিকাত আছে কণীও । কণীৰ যোগান পর্যাপ্ত ৰাখিবলৈ তামিলনাডুৰ নামাক্কলৰ পৰা প্রায় তিনি কোটি কণী গ’ল কাটাৰত ।

বিশ্বত যিসমূহ দেশে সৰ্বাধিক কণী উৎপাদন কৰে, সেই তালিকাৰ প্রথম আৰু দ্বিতীয় স্থানত আছে ইউক্রেইন আৰু তুৰস্ক । কিছু দিন আগলৈকে এই দুখন দেশৰ পৰাই কণী আমদানি কৰিছিল কাটাৰে ।

কিন্তু ৰাছিয়াৰ স’তে যুদ্ধৰ বাবে ইউক্রেইনৰ কণীৰ উৎপাদন হ্ৰাস পাইছে । অন্য দেশত কণী সৰবৰাহ কৰাতো দূৰৰে কথা, নিজৰেই কণীৰ পর্যাপ্ত যোগান নাই । সেয়ে কাটাৰ ভাৰতৰ দ্বাৰস্থ হৈছে ।

বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰা নাই ভাৰতে । অদূৰ ভৱিষ্যতে বিশ্বকাপৰ ময়দানত ভাৰতে খেলাৰ সুযোগ পাব নে নাই, সেয়াও নিশ্চিত নহয় । অথচ ভাৰতৰ স’তে কাটাৰৰ সম্বন্ধ যেন অবিচ্ছিন্ন ।

ইয়াৰ পূৰ্বেও উত্তৰ ২৪ পৰগণা জিলাৰ হৰিণঘাটাৰ পৰা পাঠাৰ মাংস ৰপ্তানি কৰা হৈছিল কাটাৰত । এইবাৰ সেই তালিকাত অন্তৰ্ভুক্ত হ’ল কণী ।

যুদ্ধবিধ্বস্ত ইউক্রেইনত কণী উৎপাদন বন্ধ । কিন্তু তুৰষ্কৰ দোষ কি ? তাৰ পৰা কিয় কাটাৰত কণী যোৱা নাই ? ফুটবল বিশ্বকাপৰ পৰিস্থিতিত এই প্রশ্নও উত্থাপন হৈছে ।

সূত্রৰ খবৰ, কাটাৰে তুৰষ্কৰ পৰা কণী আমদানি নকৰাৰ কোনো কাৰণ আছে । তুৰষ্কৰ তুলনাত ভাৰতত উৎপাদিত কণীৰ গুণগত মান যথেষ্ট ভাল ।

লগতে ভাৰতত উৎপাদিত কণীৰ দামো যথেষ্ট কম । প্রতিটো বাকচত ৩৬০টা কণী থাকে । তুৰষ্কত প্ৰতিটো বাকচত কণীৰ দাম ৩৪ ডলাৰ । যাৰ ভাৰতীয় মূল্য প্রায় ২৭০০ টকা ।

তাত তামিলনাডুৰ পৰা যি কণী কাটাৰত ৰপ্তানি হৈছে প্রতিটো বাকচৰ দাম পৰিছে ৩২ ডলাৰ । ভাৰতীয় টকাত প্রায় ২৫০০ টকা ।

অৱশ্যে , বিশ্বকাপ আৰম্ভ হোৱাৰ বাবে নহয়, ইয়াৰ আগতেও কে’বাবাৰো তামিলনাডুৰ পৰা কণী ৰপ্তানি হৈছে কাটাৰত । এইবাৰ আমদানি কৰা কণীৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে ।

Exit mobile version