TATA : বিছলেৰি ক্ৰয় কৰিব টাটা-ই !

WhatsApp Image 2022 11 24 at 20.35.13

TATA :

‘টাটা কনজিউমাৰ প্র’ডাক্টছ লিমিটেড’এ প্রায় সাত হেজাৰ কোটি টকা দি ‘বিছলেৰি ইন্টাৰনেছনেল’ অধিগ্রহণ কৰিব ।

প্ৰাপ্ত তথ্য অনুসৰি, ‘বিছলেৰি ইন্টাৰনেছনেল’-ৰ প্ৰধান ৰমেশ চৌহানে উত্তৰসূৰি নথকাৰ বাবে এই ব্যৱসায় আগবঢ়াই নিব পৰা নাই, সেয়ে এই সিদ্ধান্ত । ইয়াৰ পূৰ্বেও ৰমেশে ‘থাম্বছ আপ’, ‘গ’ল্ড স্পট’ আৰু ‘লিমকা’ৰ দৰে সংস্থা ক’কা ক’লাক বিক্রী কৰিছে ।

ভাৰতৰ বৃহত্তম পেকেটজাত পানীৰ সংস্থা বিছলেৰি ২০২৩ত প্রায় ২৫০০ কোটি টকাৰ ব্যৱসায় কৰিব বুলি অনুমান কৰা হৈছে । ইয়াৰ ভিতৰত প্রায় ২২০ কোটি টকা লাভো থাকিব বুলি অনুমান ব্যাৱসায়িক মহলৰ ।

সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত ৰমেশে জনাইছে, ‘‘বিছলেৰি সংস্থা বিক্রীৰ সিদ্ধান্ত অতি কঠিন, অৱশ্যে টাটা গ্রুপে এই সংস্থাৰ অধিক ভালকৈ লক্ষ্য ৰাখিব ।’’

চুক্তিটো কেৱল অর্থৰ বিষয় নহয় । চৌহানে কয়, ‘‘ম‌ই নাজানো যে ম‌ই এই টকাৰে কি কৰিম, অৱশ্যে এই সিদ্ধান্তটো ম‌ই ল’ব‌ই লাগিব ।

কেৱল মাত্র টকাৰ বাবে নহয়, ম‌ই এনে এটা সংস্থা বিচাৰিছিলো, যিয়ে মোৰ দৰেই মোৰ সংস্থাৰ চোৱা-চিতা কৰিব ৷ এই ব্যৱসায়তো ম‌ই বহু আবেগেৰে পৰিচালনা কৰিছো, মোৰ কর্মচাৰীসকলেও সমান আবেগ আৰু উৎসাহেৰে ইমান দিনে কাম কৰি আহিছে ।’’

বিছলেৰি সংস্থা বিক্রী কৰাৰ পাছত ৰমেশে পৰিৱেশ ৰক্ষা আৰু জনসেৱামূলক কাৰ্যত যোগদান আৰু বিনিয়োগ কৰিব । জল সংৰক্ষণ, প্লাষ্টিকৰ পুনর্ব্যৱহাৰ, দৰিদ্রসকলৰ চিকিৎসাৰ বাবে তেওঁ কাম কৰাৰ ইচ্ছাপ্রকাশ কৰিছে ।

Exit mobile version