Sugar : ভাৰতীয় চেনিৰ চাহিদা বাঢ়িছে বিশ্ববজাৰত , ৰপ্তানিত নিয়ন্ত্ৰণ শিথিলৰ আশাত ব্যৱসায়ীকসকল

download 19

Sugar :

দেশৰ বজাৰত চেনিৰ মূল্য স্থিৰ কৰিবলৈ বিগত মে মাহত ৰপ্তানি নিয়ন্ত্ৰণত নিৰ্দেশিকা জাৰি কৰিছিল কেন্দ্ৰই । শেহতীয়াকৈ, সেই নিষেধাজ্ঞাবোৰ ম্যাদ ২০২৩ চনৰ অক্টোবৰ মাহলৈ বৃদ্ধি কৰা হৈছে ।

কিন্তু বিদেশত ভাৰতৰ চেনিৰ চাহিদা ক্ৰমশ বাঢ়ি অহাত, চেনী ব্যৱসায়ীসকলৰ তৰফৰ পৰা লাহে লাহে নিয়ন্ত্ৰণ শিথিলৰ আশা কৰা হৈছে।

কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ব্ৰাজিলত কম উৎপাদনৰ ফলত বিশ্ববজাৰত চেনি যোগান হ্ৰাস হোৱাৰ আশংকা বৃদ্ধি কৰিছে। ফলস্বৰূপে, মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

দেশৰ বজাৰত ইয়াৰ প্ৰভাৱ ৰোধ কৰাৰ উদেশ্যে এক জুনৰ পৰা এক কোটি চেনি ৰপ্তানিৰ এক উৰ্ধসীমা নিৰ্ধাৰণ কৰা হয় । ইয়াৰ পাছত, অক্টোবৰত সময়সীমা আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হয়।

চৰকাৰী পৰিসংখ্যা অনুসৰি, ভাৰতে এপ্ৰিল ২০২১ ৰ পৰা ফেব্ৰুৱাৰী ২০২২-ৰ ভিতৰত আন্তৰ্জাতিক বজাৰলৈ ৯৪ লাখ টন চেনি ৰপ্তানি কৰে ।

কেৱল ২০২১ চনত, ৰপ্তানিৰ পৰিমাণ আছিল এক কোটি ১২লাখ টন। নিয়ন্ত্ৰণটো প্ৰৱৰ্তন নকৰা হ’লে চলিত বিত্তীয় বৰ্ষত ই আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল।

এমইআইআৰ কমোডিটিজৰ মেনেজমেণ্টৰ মুৰব্বী ৰাহিল শ্বেইখে কয় যে ভাৰতে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত চেনি ৰপ্তানিৰ বাবে কে’বাটাও চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় চেনিৰ যথেষ্ট চাহিদা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা বছৰৰ মাৰ্চৰ ভিতৰত কমেও ৬০ লাখ টন চেনী ৰপ্তানি কৰা হ’ব।

তেওঁ আশা কৰে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্ধিত মূল্য আৰু চাহিদাৰ বাবে বাণিজ্য মন্ত্ৰালয়ে অৱশেষত এক নিযুত টনৰ সীমা বৃদ্ধি কৰিব।

Exit mobile version