Aadhaar Card : আধাৰৰ স’তে পেন সংযোগ কৰিলেনে ?

নকৰিলে ভৰিব লগা হ'ব পাৰে জৰিমনা

images 28

Aadhaar Card :

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰতৰ সপোন পূৰণ কৰাৰ স্বাৰ্থত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে মোদী চৰকাৰে আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি পেন কাৰ্ডলৈকে সকলো এতিয়া ডিজিটেল ৰূপত উপলব্ধ কৰিছে।

এই উপলব্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আধাৰ কাৰ্ডৰ স’তে পেন কাৰ্ড সংযোগ কৰাটোও বাধ্যতামূলক কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। আধাৰ কাৰ্ডৰ স’তে পেন কার্ড সংযোগ কৰাৰ সন্দৰ্ভত আয়কৰ বিভাগে দীর্ঘদিন ধৰি ৰাইজক সকীয়াই আহিছে যদিও অদ্যাপি বহু ভাৰতীয়ই এই নির্দেশনা পালন কৰা নাই।

ইয়াৰ পূৰ্বে মোদী চৰকাৰে কে’বাবাৰো আধাৰ আৰু পেন কাৰ্ড সংযোগৰ সময়সীমা বৃদ্ধি কৰিছে যদিও এইবাৰ এই সময়সীমা বৃদ্ধি কৰা নহ’ব বুলি আয়কৰ বিভাগে অৱগত কৰিছে। ২০২৩ৰ ৩১ মাৰ্চক পেন আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ শেষ সময় হ’ব বুলি ঘোষণা কৰিছে আয়কৰ বিভাগে ৷

লগতে বিভাগটোৱে জনাইছে যে যদি আপুনি আপোনাৰ মূল্যৱান কার্ডখন লিংক নকৰে তেন্তে এই কার্ড শীঘ্ৰেই নিষ্ক্ৰিয় হৈ পৰিব পাৰে। একেদৰে পুৰণি পেন কার্ডক নথি হিচাপে ব্যৱহাৰ কৰিলে ১০ হেজাৰ টকা জৰিমনা বিহা হ’ব পাৰে।

প্রসংগক্রমে উনুকিয়াব পাৰি,কেন্দ্ৰীয় প্রত্যক্ষ কৰ ব’ৰ্ডে যোৱা ৩০ জুনতে আধাৰ কাৰ্ডৰ স’তে পেন কার্ড সংযোগ নকৰা ব্যক্তিক ১০০০ টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু কোনোবাই যদি জৰিমনাৰ পৰিমাণ কম বাবে এই জৰিমনা ভৰি তাৰ পাছত পেন কার্ডক আধাৰ কাৰ্ডৰ স’তে সংযোগ কৰিম বুলি ভাবিছে তেন্তে সেয়া ডাঙৰ ভুল হ’ব।

কিয়নো নতুনকৈ জাৰি কৰা নিয়ম মতে, পেন কার্ডক আধাৰ কাৰ্ডৰ স’তে সংযোগ কৰিব পাৰিব কেৱল ৩১ মার্চ, ২০২৩ লৈকেহে। আয়কৰ বিভাগৰ পৰা শেহতীয়াকৈ এই কথা টুইটযোগে সদৰী কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি, নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আধাৰ কাৰ্ড পেন কাৰ্ডৰ স’তে সংযুক্ত নহয়, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিজিটেল ভাৰতৰ সপোন পূৰণ কৰাৰ স্বাৰ্থত এক বৃহৎ পদক্ষেপ গ্রহণ কৰিছে।

ইয়াৰ বাবে মোদী চৰকাৰে আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি পেন কার্ডলৈকে সকলো এতিয়া ডিজিটেল ৰূপত উপলব্ধ কৰিছে। এই উপলব্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আধাৰ কাৰ্ডৰ স’তে পেন কার্ড সংযোগ কৰাটোও বাধ্যতামূলক কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা ।

তেন্তে সেইবোৰ অকামিলা হৈ পৰিব। ২০২৩ৰ ৩১ মাৰ্চৰ ভিতৰত পেন আৰু আধাৰ কার্ড সংযুক্ত নকৰিলে ১০ হেজাৰ টকাৰ জৰিমনাও হ’ব পাৰে। লগতে যদি আধাৰ কাৰ্ড পেন কাৰ্ডৰ স’তে সংযুক্ত নহয় তেন্তে ইয়াক কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰিব।কার্ডখন অবৈধ বুলি গণ্য কৰা হ’ব।ফলত আপুনি বিত্তীয় লেনদেনত সমস্যাৰ সন্মুখীন হ’ব।

আধাৰৰ সতে পেন কেনেদৰে সংযুক্ত কৰিব?

প্রথমে আপুনি আয়কৰ বিভাগৰ ই-ফাইলিং প’ৰ্টেললৈ যাব লাগিব। তাৰ পাছত স্ক্ৰীণৰ বাওঁফালে থকা লিংক আধাৰ অপছনত ক্লিক কৰক । যদি পুনঃনিৰ্দেশিত হয়, আপুনি আপোনাৰ পেন নম্বৰ, আধাৰ নম্বৰ আৰু নাম জমা কৰিব লাগিব।

এতিয়া আপুনি কেপচা কোড ইনষ্টল কৰিব লাগিব। তাৰ পাছত লিংক আধাৰ বিকল্পত ক্লিক কৰিলে পেন-আধাৰ লিংক পদ্ধতি সম্পূৰ্ণ হ’ব।

Exit mobile version