Antibiotic : সাধাৰণ জ্বৰত চিকিৎসকে দিব নোৱাৰিব এণ্টিবায়’টিক

hand with glass and pills on plate 732x549 thumbnail 1 732x549 1

ANTIBIOTIC

Antibiotic :

এতিয়াৰে পৰা সাধাৰণ ভাইৰেল জ্বৰ হ’লে চিকিৎসকসকলে এণ্টিবায়’টিক দৰব দিব নোৱাৰিব ৰোগীক।ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)-এ এই সম্পৰ্কীয় এক নির্দেশনা জাৰি কৰিছে। এই নির্দেশনাত কোৱা হৈছে যে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো কাৰণতে এণ্টিবায়’টিক সেৱন কৰিব নোৱাৰিব।

এই দৰব সেৱনৰ আৰম্ভণি আৰু শেষ হোৱাৰ দিন মনত ৰাখিব লাগিব। নির্দিষ্ট দিনৰ দৰবৰ কৰ্চ শেষ হোৱাৰ পাছতো যদি সমস্যাৰ সমাধান নহয়, তেতিয়াও দৰবৰ পৰিমাণ বৃদ্ধি কৰিব পৰা নাযাব। দেশৰ বিভিন্ন স্থানত চলোৱা সমীক্ষা অনুসৰি ভাৰতত সামান্য ৰোগ হ’লেই ৰোগীসকলৰ মাজত এণ্টিবায়’টিক দৰব সেৱনৰ প্ৰৱণতা আছে।

ইয়াৰ ফলত শৰীৰত সংক্রমণ সৃষ্টিকাৰী বীজাণুৰ পৰিমাণ হ্রাস পালেও শৰীৰত থকা কিছুমান ভাল বীজাণু অৰ্থাৎ ৰোগ প্ৰতিৰোধী বীজাণু নষ্ট হৈ যায়। অৱশ্যে নিউমনিয়া জাতীয় জ্বৰৰ ক্ষেত্ৰত এণ্টিবায়’টিক পথ্যৰূপে দিব পৰা যাব বুলি আইচিএমআৰৰ নিৰ্দেশনাত কোৱা হৈছে। অৱশ্যে ইয়াৰো এক নিৰ্ধাৰিত মাত্রা আছে।

আঠদিনৰ অধিক যদি জ্বৰ হৈ থাকে আৰু পৰৱৰ্তী পৰ্যায়ত হাস্পতালত ভৰ্তি হৈ চিকিৎসাধীন হ’বলগীয়া হয় তেন্তে পাঁচদিন এণ্টিবায়’টিকৰ ক’ৰ্ট কৰিব পাৰে। ইয়াৰ বাহিৰে দেহত আন কোনো ধৰণৰ সংক্রমণ হ’লে একেই মাত্ৰাত এন্টিবায়’টিক দিব পাৰিব।

অৱশ্যে ইয়াৰ বেছি পৰিমাণ কোনো কাৰণতেই দিব নোৱাৰিব। দেশৰ শীৰ্ষ চিকিৎসা পৰিষদ আইচিএমআৰ-এ সকীয়াই দিছে যে ছালৰ আৰু কোমল আঁহৰ সংক্ৰমণৰ ক্ষেত্ৰত এণ্টিবায়’টিকৰ পাঁচদিনীয়া কৰ্চ দিব পৰা যায়।

একেদৰে পাৰিপাৰ্শ্বিকতাত আক্ৰান্ত হোৱা নিউমনিয়া জ্বৰৰ ক্ষেত্ৰত পাঁচদিন আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত নিউমনিয়াত আক্রান্ত হ’লে আঠদিনৰ বাবে এণ্টিবায়’টিক দৰব প্ৰদান কৰিব পৰা যাব।

কম মাত্ৰাৰ জ্বৰ আৰু ভাইৰেল ব্রংকাইটিছৰ দৰে ৰোগৰ ক্ষেত্ৰত এণ্টিবায়’টিকৰ ব্যৱহাৰৰ দিশত আইচিএমআৰৰ নিৰ্দেশনাত একপ্ৰকাৰ সকীয়াই দিয়া হৈছে আৰু চিকিৎসকসকলক পৰামৰ্শ দিয়া হৈছে যাতে তেওঁলোকে ৰোগীক এই দৰব প্ৰদান কৰিলে এটা সময়সীমা বান্ধি দিয়ে।

জ্বৰ হ’লেই কোনো ধৰণৰ নিৰ্দিষ্ট পৰীক্ষা নকৰাকৈ এণ্টিবায়’টিক প্ৰদান কৰাৰ বিপৰীতে যথোপযুক্ত পৰীক্ষা-নিৰীক্ষাৰ পাছত ৰোগীজনৰ ক্ষেত্ৰত কোন বিধ এণ্টিবায়’টিক সুফলদায়ক হ’ব সেয়া নিশ্চিত কৰিব লাগে বুলি আইচিএমআৰে কয়।

২০২১ ৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ পর্যন্ত আইচিএমআৰ-এ কৰা এক জৰীপত প্ৰকাশ পাইছে যে ভাৰতৰ বৃহৎসংখ্যক ৰোগীয়ে এতিয়া আৰু কাৰ্বাপেনেমৰ দৰে শক্তিশালী এণ্টিবায়’টিকৰ দ্বাৰা উপকৃত নহ’ব পাৰে। নিউমনিয়া আৰু ছেপ্টিচেমিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত আইচিইউত থকা ৰোগীক সাধাৰণতে এইবিধ জটিল এণ্টিবায়’টিক প্ৰদান কৰা হয়।

যদিও ভাৰতত এইবিধ এণ্টিবায়’টিকৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ বাবে এই দৰবে এতিয়া আৰু অধিকাংশ ভাৰতীয়ৰ বাবে উপকৃত হৈ নাথাকিব। আইচিএমআৰৰ বিশ্লেষণত দেখিছে যে এনে বহু এণ্টিবায়’টিকৰ প্ৰতি শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে, যাৰ ফলত সম্প্ৰতি উপলব্ধ দৰবৰ দ্বাৰা কিছুমান সংক্ৰমণৰ চিকিৎসা কঠিন হৈ পৰিছে।

এনে আন এবিধ এণ্টিবায়’টিক হৈছে ইমিপেনেম। ২০১৬ত এইবিধ এণ্টিবায়’টিকৰ বিপৰীতে ভাৰতত প্ৰতিৰোধ ক্ষমতা আছিল ১৪ শতাংশ আৰু ২০২১ত ই ৩৬ শতাংশলৈ বৃদ্ধি পালে। এইদৰে সম্প্ৰতি বজাৰত উপলব্ধ বিভিন্ন এণ্টিবায়’টিকৰ ক্ষেত্ৰত শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় হৈছে। ফলত আইচিএমআৰ-এ জাৰি কৰিছে নিৰ্দেশনা।

Exit mobile version