Dibrugarh University Ragging : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ তাণ্ডৱ

student 0

Dibrugarh University Ragging :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত অত্যাচাৰৰ চৰম সীমা অতিক্রম হোৱাৰ ফলত অতি সংকটজনক অৱস্থাত এজন ছাত্র চিকিৎসাধীন হ’বলগীয়া হৈছে। তদুপৰি আন দুজন ছাত্র আহত হৈছে।

বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত যোৱা নিশা তিনিজন ছাত্রক একাংশ উদণ্ড ছাত্রই অর্ধউলংগ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাত বাণিজ্য বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাৰ অৱস্থা অতি সংকটজনক হৈ পৰে।

আন দুজন ছাত্র মাছ কমিউনিকেছন বিভাগৰ জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতাই ৰেগিঙৰ নামত চৰম অত্যাচাৰ চলাই থকা ছাত্ৰ দলৰ মাজেৰে কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় যদিও সম্প্রতি চিকিৎসাধীন আনন্দ ছাত্ৰ দলৰ অধিক ৰোষৰ সন্মুখীন হয়।

অভিযোগ অনুসৰি যোৱা নিশা বিশ্ববিদ্যালয়ৰ তিনিওজন ছাত্রকে উদও ছাত্ৰৰ দলটোৱে অৰ্ধ উলংগ কৰি চৰ, ভুকু শোধোৱাৰ লগতে লাঠি আৰু বীয়েৰৰ বটলেৰে প্ৰহাৰ কৰে। অভিযোগ উঠিছে যে ভুক্তভোগী ছাত্রক মদ আৰু ভাং সেৱন কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

আন এক অভিযোগ অনুসৰি আনন্দক অর্ধ উলংগ অৱস্থাত দুজন ছাত্ৰৰ মাজত শুবলৈ দিয়া হৈছিল। এনে চৰম অত্যাচাৰত জ্যোতিষ আৰু উজ্জ্বলে কৌশলেৰে পলায়ন কৰি অধিক অত্যাচাৰৰ পৰা নিজকে বচাবলৈ সক্ষম হয় যদিও আনন্দ শৰ্মাৰ ওপৰত উৎপীড়ন অব্যাহত থাকে।

আনন্দক এটি অতি গধুৰ বস্তুৰে আঘাত কৰাত তেওঁৰ অৱস্থা শোচনীয় হৈ পৰে। তেতিয়া আক্ৰমণকাৰী ছাত্ৰৰ দলটোৱে আনন্দক ছাত্ৰাৱাসৰ এটা কোঠাত ভৰাই থৈ আবদ্ধ কৰি সেই স্থান ত্যাগ কৰে। বন্ধ কোঠাত বন্দী হৈ পৰা আনন্দই তেওঁৰ জীৱনত সকলো শেষ হ’ল বুলি ভাবি ছাত্ৰাৱাসৰ দুমহলাৰ পৰা জঁপিয়াই আত্মৰক্ষাৰ চেষ্টা চলায় ৷

সৌভাগ্যবশতঃ তেওঁৰ প্ৰাণ ৰক্ষা পৰে যদিও ৰাজহাড় আৰু মূৰত গভীৰভাৱে আঘাতপ্রাপ্ত হয়। পৰৱৰ্তী সময়ত একাংশ ছাত্ৰৰ সহযোগত বিশ্ববিদ্যালয় কর্তৃপক্ষই আনন্দক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন কৰায়।

চিকিৎসালয় কর্তৃপক্ষই ছাত্ৰজনৰ অৱস্থা দেখি তাৎক্ষণিকভাৱে আইচিইউলৈ প্ৰেৰণ কৰে। বৰ্তমান ছাত্ৰজনে মৃত্যুৰ স’তে যুঁজি থকা বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ।

ইপিনে, আন দুজন ভুক্তভোগী ছাত্রক বিশ্ববিদ্যালয় কর্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত ছাত্ৰাৱাসৰ পৰা আঁতৰাই সুৰক্ষিত স্থানত ৰখা বুলিও সূত্ৰত প্ৰকাশ। প্রাপ্ত তথ্য অনুসৰি ৰেগিঙৰ নামত উৎপীড়ন চলোৱা উদণ্ড ছাত্ৰৰ দলটোৱে তিনি ভুক্তভোগী ছাত্ৰৰ পৰা ম’বাইল ফোন কাঢ়ি লৈছিল।

কেৱল ইমানেই নহয়, তেওঁলোকক অর্ধউলংগ কৰি নির্মমভাৱে প্ৰহাৰ কৰিছিল আৰু বীয়েৰৰ বটলো ব্যৱহাৰ কৰিছিল। ইপিনে, আনন্দৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকাই কয় যে ঘটনাৰ স’তে জড়িত কোনো লোকেই পলাই সাৰিব নোৱাৰিব। উপযুক্ত শাস্তি লাভ কৰিব জড়িতসকলে। অৱশ্যে বিশ্ববিদ্যালয় কর্তৃপক্ষই কি ব্যৱস্থা লয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

Exit mobile version