Govt Employee :চৰকাৰী চাকৰিয়ালৰ সুখৰ দিনৰ অন্ত পৰিব, ২০২৩ চনৰ পৰা আৰম্ভ হ’ব নতুন নিয়ম

636537 govtemployees pti 071017

Govt Employee :
চৰকাৰী চাকৰিয়ালৰ শান্তিৰ দিন অন্ত পৰিল । সচৰাচৰ আমাৰ সকলোৰে ধাৰণা যে , চৰকাৰী চাকৰি এটা পোৱা মানে জীৱনত সুখেই সুখ । জীৱনৰ বহু চিন্তা কমি যায় , মাহৰ প্ৰথম সপ্তাহতে দৰমহা পাব , নিজৰ ইচ্ছামতে ল’ব পাৰিব ছুটি ।

পুৱা ১০ বজাৰ পৰা কাৰ্যালয় আৰম্ভ হয় যদিও ১১ টা ১২ টা বজাত আহিলেই কোনো সমস্যা নাই , হাজিৰাৰ বহীত নপৰে ৰঙা দাগ । কৰ্মক্ষেত্ৰত যিয়েই নকৰক কিয় পদোন্নতি নিয়ম সাপেক্ষে হ’ব ।

অৱশ্যে আপোনাৰ এই ধাৰণাৰ দিন আৰু উকলিল । এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালে কঠোৰ নিয়ম মানি চলিব লাগিব । কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰৰ চাকৰিয়ালে হওঁক মানিব লাগিব কৰ্ম সংস্কৃতিৰ নতুন নিয়ম ।

ইতিমধ্যে বহু চৰকাৰী দপ্তৰত কৰ্মচাৰীৰ পদোন্নতি কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া দেখা গৈছে । তেনে    ক্ষেত্ৰত দেশৰ উন্নয়নৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে নতুন শ্ৰমনীতিৰ প্ৰস্তুত কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই শ্ৰমনীতিক লৈ অৱশ্যে বিৰোধী দলে অভিযোগ কৰা পৰিলক্ষিত হৈছে । অভিযোগ অনুসৰি , এই নতুন শ্ৰমনীতিৰ কাৰণে বে-চৰকাৰী ক্ষেত্ৰত কোনো স্থায়ী চাকৰি আৰু নেথাকিব ।

যিহেতু চৰকাৰী চাকৰিত অনা এই নিয়মৰ বাবে বে-চৰকাৰী চাকৰিত বেয়া প্ৰভাৱ পৰিব । ইফালে পশ্চিমবংগৰ লগতে বহু কেইখন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ এই নিয়ম মানি লৈছে । কেন্দ্ৰৰ সূত্ৰ অনুসৰি ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা এই নিয়ম আৰম্ভ হ’ব ।
নতুন শ্ৰমনীতি বা লেবাৰ কোড অনুযায়ী , চৰকাৰী কৰ্মীয়ে যদি এই নিয়ম মানি নচলে , কৰ্মদক্ষতা দেখুৱাব নোৱাৰে , হাজিৰা যদি ঠিকে নেথাকে , যদি দূৰ্নীতি বা কোনো অপৰাধজনিত কামত জড়িত হয় , তেন্তে কোনো ক্ষতিপূৰণ নিদিয়াকৈয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব ।

অন্য এক নিয়ম অনুসৰি , যদি কৰ্মচাৰীজনৰ চাকৰিৰ দিন বাকী আছে ,তেন্তে বাকী থকা মজুৰি হিচাপ কৰি পৰিশোধ কৰা হ’ব । কিন্তু কোনো কৰ্মচাৰী যদি শাস্তিমূলকভাৱে পঠোৱা হয় , তেন্তে তেওঁক চৰকাৰে কোনো ক্ষতিপূৰণ পৰিশোধ নকৰে ।

ইফালে নতুন শ্ৰমনীতিত তিনি মাহৰ মজুৰি দিয়াৰ কথা উল্লেখ কৰিছে যদিও যিকোনো এজন কৰ্মচাৰীক যিকোনো সময়ত বৰ্খাস্ত কৰাৰ নিয়মো উল্লেখ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত এতিয়া চৰকাৰী চাকৰিৰ সুখ শেষ হ’ল বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে । বিশেষজ্ঞৰ দাবী যে , এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালৰ জীৱন বে-চৰকাৰী চাকৰিয়ালৰ দৰে একে অৰ্থাৎ অনিশ্চয়তাৰে পৰিপূৰ্ণ আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল বুলি মন্তব্য কৰিছে ।

উল্লেখ্য যে , ভাৰতীয় ৰেল বিভাগত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে এই নিয়ম প্ৰয়োগ কৰিছে । ফলত বিগত বৰ্ষত ১৩৯ জন ৰেল বিভাগৰ উচ্চ পদস্থ চাকৰিয়ালক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

তেনেক্ষেত্ৰত এই তালিকাত যিমান দূৰ্নীতিত জড়িত অধিকাৰী আছে বা প্ৰতিযোগিতাত মিলি চলিব পৰা নাই তথা বয়স্ক কৰ্মচাৰী আছে , সেই সকলো চৰকাৰী কৰ্মচাৰী সময় থাকোতেই সাৱধান হোৱা ভাল ।

অন্যথা কোনো সময়ত হয়তো আপোনাৰো চাকৰি যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Exit mobile version