Udalguri Picnic Spot: ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীত ভয়ংকৰ দৃশ্য

Udalguri Picnic Spot :

পুৰণি বৰ্ষটোৱে বিদায়ী লবলৈ মাজত মাথো এটা মাহ বাকী। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বনভোজসমূহলৈ বনভোজপ্ৰেমীৰ সোত বোৱা পৰিলক্ষিত হৈছে‌। ব্যতিক্ৰম নহয় ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীও‌।

নৱেম্বৰত মাহৰ মাজভাগৰ পৰাই ভৈৰৱকুণ্ডত আৰম্ভ হৈছে বনভোজকাৰী দলৰ। ইয়াৰ মাজতে কালি ভৈৰৱকুণ্ডত হঠাৎ দেখ গ’ল এক ভয়ংকৰ দৃশ্য। বনভোজস্থলীত বনভোজৰ দলসমূহে আনন্দত মতলীয়া হৈ থকাৰ মাজতে পাহাৰৰ পৰা নামি এটি বন্যহস্তী।

লগে লগে উপস্থিত বনভোজকাৰী দলৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। একাংশ‌ই বন্যহস্তীৰ ভয়ত প্ৰাণৰ মমতাত পলাবলৈ লয়। ইয়াৰ পাছত বনভোজস্থলীত থকা লাউডস্পীকাৰ তথা মানুহৰ বাবে হাতীটো পুনৰ পাহাৰলৈ গতি কৰে‌।

তথ্য অনুসৰি , সমীপৰ অৰুণাচল পাহাৰৰ বিভিন্ন স্থানত বন্যহস্তীয়ে বিচৰণ কৰি থাকে‌। উক্ত পাহাৰৰ পৰাই হাতীটো নামি অহাৰ সন্দেহ কৰা হৈছে‌। অৱশ্যে উক্ত সময়চোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হোৱা নাছিল যদিও কথমপি একাংশ লোকৰ প্ৰাণৰক্ষা পৰে।

Exit mobile version