Banikanta kakati Award:খানাপাৰা খেলপথাৰত ৩৫,৮০০ গৰাকী শিক্ষাৰ্থীক

মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে স্কুটী

WhatsApp Image 2022 11 30 at 15.06.11

Banikanta kakati Award

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ অবিৰত প্ৰয়াসৰ লক্ষ্যৰে ড:বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান আজি মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত বিশাল অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ লোৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ ৩৫ হাজাৰ ৮০০ গৰাকী ছাত্ৰ–ছাত্ৰীক প্ৰদান কৰে স্কুটী ৷

৬০ শতাংশ নম্বৰ লাভ কৰা ২৯,৭৪৮ গৰাকী ছাত্ৰীলৈ স্কুটী দিয়াৰ বিপৰীতে ৭৫শতাংশ নম্বৰ লাভ কৰা ৬,০৫২জন ছাত্ৰকো প্ৰদান কৰা হয় স্কুটী

সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা উপদেষ্টা ড:ননী গোপাল মহন্ত সহ কে’বাগৰাকী বিধায়ক আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷

কেন্দ্ৰীয় অনুষ্ঠানত কামৰূপ গ্ৰাম্য,কামৰূপ মহানগৰ জিলাৰ শিক্ষাৰ্থীক স্কুটি দিয়াৰ বিপৰীতে নলবাৰী,দৰং,নগাঁও আৰু মৰিগাঁওৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰশংসা পত্ৰ বিতৰণ কৰা হয় ৷

এই শিক্ষাৰ্থী সকলক জিলা ভিত্তিত অনুষ্ঠিত বিশেষ সভাত প্ৰদা কৰিব স্কুটি ৷ উল্লেখ্য যে সভাখনত অংশ লোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শিক্ষাৰ্থী আৰু অভিভাৱক সকলক দুপৰীয়া আহাৰত যোগান ধৰা পেকেট লান্স সমূহ নিম্নমানৰ বুলি অভিযোগ উঠিছে ৷

Exit mobile version