Dibrugarh University:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰত গ্ৰেপ্তাৰ আন এজন ছাত্ৰ নেতা

আনন্দ শৰ্মাক অস্ত্ৰোপচাৰৰ বাবে এয়াৰ এম্বুলেন্সেৰে নিয়া হ'ব দিল্লী এইমছলৈ

WhatsApp Image 2022 11 30 at 13.54.42

Dibrugarh University:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ বলি হৈ আদিত্য হাস্পতালৰ আই চি এউত থকা আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এয়াৰ এম্বুলেন্সেৰে দিল্লী এইমছলৈ নিয়াৰ সিদ্ধান্ত লয় ৷

আনহাতে বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ স’তে জড়িত আন এজন অভিযুক্তক মঙলবাৰে নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জালত পৰা ছাত্ৰ জনৰ নাম সুভ্ৰজিৎ বৰুৱা।

উল্লেখ্য যে আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডত ধৃত ছাত্ৰ জনৰ নাম সাঙোৰ খোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল।

মনকৰিবলগীয়া যে এই ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই মুঠ ২২ গৰাকীকৈ ছাত্ৰ অনিদিষ্ট কাললৈ বহিষ্কাৰ কৰিছে ।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আমগুৰি নিবাসী আনন্দ শৰ্মা ৰেগিঙৰ পৰা হাত সাৰিবলৈ দেওবাৰে পদ্মনাথ গোহাঞিবৰুৱা হোষ্টেল ভৱনৰ তৃতীয় মহলাৰ পৰা জপিয়াইছিল।

গুৰুত্বৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ডিব্ৰুগড় আৰক্ষীয়ে ভূক্তভোগী ছাত্ৰজনৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে কাণ্ডৰ সৈতে জড়িত তিনিজনকৈ জ্যেষ্ঠ ছাত্ৰ প্ৰাণজিৎ বৰুৱা,নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক ডিব্ৰুগড় আটক কৰে।

আনহাতে ৰেগিং কাণ্ডৰ মুল খলনায়ক ৰাহুল ছেত্ৰী এই পৰ্যন্ত পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে ছেত্ৰীৰ সন্ধানত চলাইছে ব্যাপক অভিযান ৷

Exit mobile version