Dibrugarh University : আনন্দ শৰ্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ দায়িত্ব ল’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

ভৱিষ্যতে প্ৰয়োজন হ'লে আনন্দ শৰ্মাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিব চাকৰি

WhatsApp Image 2022 11 30 at 19.22.20

হোষ্টেলৰ তিনিওজন ৱাৰ্ডেনক অব্যাহতি, চাৰি ছাত্ৰক তিনি বছৰৰ বাবে বহিস্কাৰ : উপাচাৰ্য ড: জিতেন হাজৰিকাৰ মন্তব্য

Dibrugarh University  :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ডৰ বলি হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা আনন্দ শৰ্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ দায়িত্ব ল’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ভৱিষ্যতে প্ৰয়োজন হলে আনন্দ শৰ্মাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চাকৰিও দিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতেও মত বিনিময় কৰে।

উপাচাৰ্য ড° জিতেন হাজৰিকাই জানিবলৈ দিয়ে যে,বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত কোনো লোক সাৰি নাযাব । হোষ্টেলৰ তিনিওজন ৱাৰ্ডেন ক্ৰমে দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাক হুছেইনক অব্যাহতি দিয়া হৈছে । আনন্দ শৰ্মাৰ চিকিৎসাৰ লগতে ভবিষ্যতৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

উল্লেখযোগ্য যে, ভৱিষ্যতে প্ৰয়োজন হলে আনন্দ শৰ্মাক চাকৰিও দিব বুলি উল্লেখ কৰি উপাচাৰ্য ড° জিতেন হাজৰিকাই নিজেও ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে।

আনহাতে আজি বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি পঞ্জীয়ক ড:পৰমানন্দ সোনোৱালে কয়,ৰেগিং কাণ্ডৰে জড়িত চাৰি ছাত্ৰ ক্ৰমে পুচেম খাম বৰুৱা,কমলেশ্বৰ চুতীয়া,গলেব ডেকা আৰু মৌচম ফুকনক তিনি বছৰৰ বাবে বহিস্কাৰ কৰা হয়। এই সময়ছোৱাত বহিস্কৃত ছাত্ৰ কেইজনে ভাৰতৰ কোনো শিক্ষানুষ্ঠানত পঢ়িব নোৱাৰিব ৷

একেদৰে তিনিজন হোষ্টেল ৱাৰ্ডেন দিব্যজ্যোতি দত্ত, আবু মোস্তাক হুছেইন আৰু পলাশ দত্তক দায়িত্বৰ পৰা অব্যাহতি দি পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত নতুন ৱাৰ্ডেন নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে পঞ্জীয়ক গৰাকীয়ে ৷

আনহাতে হোষ্টেল সমূহ তদাৰকৰ বাবে গঠন কৰা হৈছে তদাৰকী কমিটি৷একেদৰে ৰেগিং নিমুলৰ বাবে গঠন কৰা হৈছে দুজনীয়া এন্টি ৰেগিং কমিটি ৷ইতিমধ্যে ৰেগিং কাণ্ডৰ স’তে নাম সাঙোৰ খোৱা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰালৈ জাননী জাৰি কৰিছে কমিটিয়ে ৷

কমিটিৰ তদন্তত সত্য প্ৰমাণিত হ’লে সাধাৰণ সম্পাদককো বহিস্কাৰ কৰা হ’ব বুলি সংবাদমেলত সদৰি কৰে ড: সোনোৱালে ৷

Exit mobile version