Heart Attack : বিয়াঘৰত নৃত্য কৰি থকাৰ অৱস্থাতে মৃত্যুক সাৱটিলে এজন যুৱকে

1669739167 heart attack

Heart Attack :

বিয়া ঘৰত নাচি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল এজন লোকৰ । ঘটনাটো মঙলবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীত সংঘটিত হৈছে ।

ADVERTISEMENT

পৰিয়ালৰ সূত্ৰ অনুসৰি, ৪০ বছৰীয়া মনোজ বিশ্বকৰ্মা নামৰ লোকজনে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ স’তে চুবুৰীয়াৰ বিয়াত অংশ ল’বলৈ গৈছিল।

বিবাহ অনুষ্ঠানৰ মানেই হৈছে আনন্দ, উল্লাহ । পৰিয়ালৰ সকলোৰে স’তে আনন্দ কৰি আছিল মনোজ বিশ্বকৰ্মাই । কিন্তু কোনে জানিছিল যে এই আনন্দৰ মাজতে আহিব বিপদ !

বিয়াত সকলোৱে নিজৰ কামত ব্যস্ত আছিল। লগতে প্ৰচণ্ড জোৰেৰে গান বাজি আছিল । তাতেই সকলোৱে নাচি বাগী আনন্দ কৰে । মনোজো বাদ পৰা নাছিল।

কিছু সময় নাচি থকাৰ পাছতে হঠাতে তাত উপস্থিত সকলোৱে মনোজৰ ভৰি কঁপি থকা দেখিলে। আৰু তেঁও বুকুখন টানি ধৰিলে আৰু তৎক্ষণাৎ তেওঁ মাটিত সৰি পৰিল।

ইয়াৰ পাছতে ঘটনাস্থলীত আহি উপস্থিত হয় ডাক্তৰ । তেওঁ আহি মনোজক পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে ।

Exit mobile version