Cm Pwd Meeting:অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰী

ৰাজ্যৰ কে'বাটাও বৃহৎ প্ৰকল্প সন্দৰ্ভত লোক নিৰ্মাণ বিষয়াৰে বৈঠক

WhatsApp Image 2022 12 01 at 18.18.14 1

Cm Pwd Meeting:
ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত ৰূপায়ণ হ’বলগীয়া ৰাজ্যৰ কে’বাটাও প্ৰকল্প সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে মিলিত হয় বিভাগটোৰ জ্যেষ্ঠ বিষয়া- বৰ্গৰ সৈতে ৷

মহানগৰীৰ ফটাশিল আমবাৰীস্থিত অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হৈ কেইবাটাও বৃহৎ প্ৰকল্প সম্পৰ্কত আলোচনা কৰে ৷

ৰূপায়িত হ’বলগীয়া প্ৰকল্প কেইটা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলং ৷

আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছিৰ ওপৰত ৩,১৯৭ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’বলগীয়া দলং ৷

উল্লেখ্য যে অসম মালাৰ অধীনৰ ৰূপায়ণ হবলগীয়া প্ৰকল্পৰ ব্যয় সমূহ হ’ল প্ৰথম পৰ্যায়ত ৩,৫১৯ কোটি টকা, দ্বিতীয় পৰ্যায়ত ৩,৯৯৮ কোটি টকা আৰু তৃতীয় পৰ্যায়ত ৩,৮০০ কোটি (প্ৰায়) ৷

আনহাতে প্ৰায় ৩,৮০০ কোটি টকা ব্যয়ৰে ভাৰত চৰকাৰে অনুমোদন জনোৱা ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰোডমেপৰ বাবে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প ৷

সৰ্বমুঠ ৪,০০০ কোটি টকা প্ৰকল্প ব্যয়ৰে ১,১০০খন পকী দলঙলৈ ৰূপান্তৰ হ’বলগীয়া কাঠৰ দলং প্ৰকল্প ৷ ৰাজ্যিক সম্পদ প্ৰকল্পৰ ব্যয়ৰ বাহিৰেও কাৰ্যকৰীকৰণ বা অনুমোদন প্ৰক্ৰিয়াত থকা ২৫,০০০ কোটি টকাৰ প্ৰকল্পৰ ওপৰত বিষদ আলোচনা কৰা হয় ৷

মুখ্যমন্ত্ৰীয়ে বিষয়া সকলক ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

বৈঠকত  লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত – সচিব ৰাজেশ কেমপ্ৰাই, বিশেষ সচিবদ্বয় বিভূতি শইকীয়া আৰু দিব্যজ্যোতি চহৰীয়া, লোক নিৰ্মাণ (পথ) ৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম, লোক নিৰ্মাণ (সীমান্ত) ৰ মুখ্য অভিযন্তা অলোক কুমাৰ দাস, মুখ্য অভিযন্তা (ই এ পি) পৱন তেৰাঙ সহ কে’বা গৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Exit mobile version